গুৱাহাটী,১৪ নৱেম্বৰ: সোমবাৰে শিশু দিৱস (Children Day)ৰ শুভক্ষণত ৰাজ্যখনৰ শিক্ষাখণ্ডৰ উন্নয়ণৰ লক্ষ্যৰে সমগ্ৰ শিক্ষাৰ অধীনত গুৱাহাটী জ্যোতি চিত্ৰৱনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ এই সভাতেই ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক বিদ্যালয়ৰ অনুদান আনুষ্ঠানিক ভাৱে প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Grant of Annual School Grants for the year 2022-23) । মুঠ ৪১৩৯৬ খন বিদ্যালয়ক ডি বি টি যোগে ১০৯ কোটি ৯৭ লাখ ৩৭৮ হাজাৰ টকা প্ৰদান কৰা হয় ।
মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় সমূহত শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে (Education Minister Dr Ronoj Pegu) । তেওঁ লগতে উল্লেখ কৰে যে, বিদ্যালয় সমূহৰ শৈক্ষিক পৰিৱেশৰ লগতে ইয়াৰ সৰ্বাংগীন উন্নতিৰ বাবে ৰাইজৰ অংশীদাৰিত্ব আৰু সহযোগিতা অতি আৱশ্যক ।
সকলো বিদ্যালয় পৰিচালনা সমিতিক নীতি নিয়ম অনুসৰি শিক্ষানুষ্ঠান সমূহ পৰিচালনা কৰাৰ বাবে ক্ষমতা দিয়া হৈছে । গতিকে তেওঁলোকে নিজ নিজ শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক দিশৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে যি কোনো অভাৱ অভিযোগৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষই তৎকালীনভাৱে অৱগত কৰিব লাগে ।
এই অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ, পৰিচালনা সমিতিৰ সভাপতি সকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ বিদ্যালয় সমূহৰ শৈক্ষিক দিশ আৰু বিভিন্ন অসুবিধা সমূহৰ বিষয়ে বুজ লয় (Meeting of presidents of managing committee) । সভাত শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, সমগ্ৰ শিক্ষাৰ এম ডি ডাঃ ওম প্ৰকাশৰ লগতে শিক্ষা বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: Dhula teenager murder case: আদিৰ পৰা অন্তলৈ ধূলাৰ কিশোৰী হত্যাৰ সবিশেষ