গুৱাহাটী, 13 আগষ্ট: ৰোলাৰ স্কেটিং এছ’চিয়েচন অৱ আছামৰ উদ্যোগত গুৱাহাটীৰ পাঞ্জাবাৰীস্থ ৰিংকত 2 য় সদৌ অসম আন্তঃবিদ্যালয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ আয়োজন কৰা হয় ৷ 12 আৰু 13 আগষ্টত দুদিনীয়াকৈ আয়োজন কৰা হৈছে সদৌ অসম আন্তঃবিদ্যালয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ । অসমৰ বিভিন্ন জিলাৰ পৰা 35 খনতকৈ অধিক বিদ্যালয়ৰ এশৰো অধিক স্কেটাৰে অংশ গ্ৰহণ কৰিছে এই ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত ।
শনিবাৰে প্ৰথম দিনা প্ৰতিযোগিতাখনৰ ৰোড ৰেচ আৰু 200/300 মিটাৰৰ ৰেচসমূহ সম্পন্ন হয় । পুৱাৰ ভাগত সোণাপুৰ বিজ্ঞান নগৰলৈ যোৱা পথত ৰোড ৰেচ Just আৰু দিনৰ দ্বিতীয়াৰ্ধত ৰিংক ৰেচ সমূহ অনুস্থিত হয় । সন্থাৰ সভাপতি তথা পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই জানিবলৈ দিয়া অনুসৰি দেওবাৰে 1000 মিটাৰ আৰু 500 মিটাৰৰ ৰেচসমূহ অনুস্থিত হ’ব । দেওবাৰৰ সন্ধিয়ালৈ অনুস্থিত হ’ব লগা বঁটা বিতৰণী অনুষ্ঠানত অসমৰ কেইবাজনা ক্ৰীড়াবিদ আৰু সাংস্কৃতিক কৰ্মী উপস্থিত থাকিব বুলি জানিবলৈ পৰা গৈছে ।
প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোৰ পৰা শেষ দিনটোলৈ মুঠ 35 টা ৰেচ অনুস্থিত হয় ৷ বৰ্তমান পৰ্যন্ত গুৱাহাটীৰ মনফৰ্ট স্কুলে প্ৰথম স্থান অধিকাৰ কৰি থকাৰ বিপৰীতে মহৰ্ষি বিদ্যা মন্দিৰ বৰসজাই দ্বিতীয় আৰু সৈনিক স্কুল গোৱালপাৰা তৃতীয় স্থানত আছে । স্কুল গেমচ ফেডাৰেচন অৱ ইণ্ডিয়াই আয়োজন কৰিবলগীয়া ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় প্ৰতিযোগিতা আৰু চি বি এচ চি ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰস্তুতি হিচাপে আয়োজন কৰা এই প্ৰতিযোগিতাই অসমৰ স্কেটাৰসকল বিশেষভাবে লাভাম্বিত কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: Constituency delimitation 2023: ঐতিহাসিক লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণ, নিৰ্বাচন বৰ্জনৰ হুংকাৰ ক্ষোভিতৰ