ETV Bharat / state

NEFVTA short film festival : ৪ ডিচেম্বৰত গুৱাহাটীত প্ৰথম নেফটা চুটি ছবি মহোৎসৱ - Jyoti Chitrabon Film Studio

৪ ডিচেম্বৰত জ্যোতি চিত্ৰবনত আয়োজন কৰা হৈছে এই চুটি ছবি মহোৎসৱ । উত্তৰ-পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা-কুশলী সন্থাৰ উদ্যোগ আৰু অ’টিটি প্লেটফৰ্ম প্ৰাগ প্লে’ৰ সহযোগত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব এই চুটি ছবি মহোৎসৱ (NEFVTA short film festival)৷

NEFVTA short film festival
৪ ডিচেম্বৰত গুৱাহাটীত প্ৰথম নেফটা চুটি ছবি মহোৎসৱ
author img

By

Published : Nov 1, 2022, 3:35 PM IST

গুৱাহাটী, ১ নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ চুটি ছবি নিৰ্মাতাসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে উত্তৰ-পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা-কুশলী সন্থাই(North-East Film and Video Technicians Association) ৷ NEFVTAৰ উদ্যোগ আৰু আগশাৰীৰ অ’টিটি প্লেটফৰ্ম প্ৰাগ প্লে’ৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব চুটি ছবি মহোৎসৱ (Short film festival in Guwahati)।

৪ ডিচেম্বৰত গুৱাহাটীত প্ৰথম নেফটা চুটি ছবি মহোৎসৱ

নেফটা চুটি ছবি মহোৎসৱ-২০২২ হিচাবে নামাকৰণ কৰা ছবি মহোৎসৱখনৰ সন্দৰ্ভত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে আয়োজক মণ্ডলীয়ে ৷ উল্লেখ্য যে, এদিনীয়া কাৰ্যসূচীৰে ৪ ডিচেম্বৰত জ্যোতি চিত্ৰবনত(Jyoti Chitrabon Film Studio) আয়োজন কৰা হৈছে এই চুটি ছবি মহোৎসৱ । মহোৎসৱৰ দিনা পুৱা ৯ বজাৰ পৰাই নিৰ্বাচিত চুটি ছবিসমূহ প্ৰদৰ্শন কৰা হ’ব ।

মহোৎসৱৰ(NEFVTA short film festival) সৈতে সংগতি ৰাখি এখন স্মৰণিকাও প্ৰকাশ কৰা হ’ব । এই কথা প্ৰাগ টাৱাৰত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে সদৰী কৰে নেফটা চুটি ছবি মহোৎসৱ-২০২২ৰ সঞ্চালক শিবানন বৰুৱাই । তেওঁ কয় যে, ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰায় ৬০ খন চুটি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে আহিছে । প্ৰতিযোগিতাৰ বাবে আগ্ৰহীসকলে ২০২০ চনৰ পহিলা জানুৱাৰীৰ পৰা ২০২২ চনৰ ৩০ অক্টোবৰৰ ভিতৰত নিৰ্মাণ কৰা চুটিছবিসমূহ ১০ আগন্তুক নৱেম্বৰৰ ভিতৰত জমা দিব পাৰিব ।

উল্লেখ্য যে, চুটি ছবি প্ৰতিযোগিতাখন দুটা শিতানত অনুষ্ঠিত হ’ব । ‘ক’ শিতানত অধিকতম ১০ মিনিট আৰু ‘খ’ শিতানৰ বাবে অধিকতম ৩০ মিনিটৰ ছবি হ’ব লাগিব । দুয়োটা শিতানতে প্ৰমাণ পত্ৰ, স্মাৰক আৰু আকৰ্ষণীয় ধনৰাশি ৰখা হৈছে । ‘ক’ শিতানৰ শ্ৰেষ্ঠ ছবিক ৩০ হাজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিক ১৫ হাজাৰ টকা আৰু বিচাৰকৰ বিশেষ শিতানত ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব ।

আনহাতে ‘খ’ শিতানৰ শ্ৰেষ্ঠ ছবিক ৫০ হাজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিক ২৫ হাজাৰ টকা আৰু বিচাৰকৰ বিশেষ শিতানত ১৫ হাজাৰ টকা প্ৰদান কৰা হ’ব । প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা চুটিছবিসমূহৰ পৰা নিৰ্বাচিত ৪০ খন উৎকৃষ্ট মানৰ ছবিহে মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব । তদুপৰি প্ৰতিযোগিতালৈ পঠিওৱা চুটিছবিসমূহ প্ৰাগ প্লে’ৰ(Prag Play OTT) জৰিয়তে প্ৰদৰ্শন কৰা হ’ব ।

আজিৰ সংবাদমেলত সন্থাৰ সভাপতি ৰাজেন ৰাজখোৱা, কাৰ্যকৰী সভাপতি ৰূপক গগৈ, উপ-সভাপতিদ্বয় চহিদুল মজিদ (কাজু) আৰু ৰাজেশ ভূঞা উপস্থিত থাকে ।

লগতে পঢ়ক : New Assamese Movie: অসমীয়া ছবি লংকাকাণ্ড চাবলৈ বাছ ভাড়া কৰি গৈছে চলচ্চিত্ৰ প্ৰেমী দৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.