ETV Bharat / state

বিজেপি চৰকাৰৰ দিনত বিদ্ৰোহী সংগঠনলৈ গৈছে ৰাজ্যৰ ১৫৬১ গৰাকী যুৱক-যুৱতী

author img

By

Published : Sep 15, 2022, 3:38 PM IST

ছয় বছৰত সৰ্বাধিক ৮১১ গৰাকী যুৱক-যুৱতীয়ে যোগদান কৰিছে এনডিএফবিত (811 youth joined NDFB in last 6 years) । আলফা স্বাধীনত যোগদান কৰিছে ২০৩গৰাকী যুৱক-যুৱতীয়ে (203 youth joined ULFA in last 6 years) । ১৬৪ গৰাকীয়ে এনএলএফবিত, ৩৫১ গৰাকীয়ে পিডিচিকে আৰু ৩২ গৰাকীয়ে যোগদান কৰিছে নিষিদ্ধ ঘোষিত ইউপিআৰএফত । ছয় বছৰত মূলসুঁতিলৈ ঘূৰি আহিছে ২৩ টা উগ্ৰবাদী সংগঠনৰ ৭৯৩৫ গৰাকী সদস্য ।

militancy
militancy

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত বিগত ছয় বছৰত সহস্ৰাধিক যুৱক-যুৱতীযে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনত যোগদান কৰিছে । কৰ্মসংস্থাপনৰ অভাৱ, আৰ্থিক দীনতাকে ধৰি বিভিন্ন কাৰণত হতাশাগ্ৰস্ত হৈ বহু যুৱক-যুৱতীয়ে বিদ্ৰোহী সংগঠনলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে । চৰকাৰী তথ্য মতে, বিগত ছয় বছৰত অৰ্থাৎ ২০১৬ চনৰ পৰা বিদ্ৰোহী সংগঠনলৈ ৰাজ্যৰ ১,৫৬১ গৰাকী যুৱক-যুৱতী গৈছে (1561 youth joined militancy in 6 years in Assam) ।

বিজেপি চৰকাৰৰ দিনত বিদ্ৰোহী সংগঠনলৈ গৈছে ৰাজ্যৰ ১৫৬১ গৰাকী যুৱক-যুৱতী
বিজেপি চৰকাৰৰ দিনত বিদ্ৰোহী সংগঠনলৈ গৈছে ৰাজ্যৰ ১৫৬১ গৰাকী যুৱক-যুৱতী

২০১৬ চনৰ পৰা ৰাজ্যখনৰ মুঠ ১৫৬১ গৰাকী যুৱক-যুৱতীয়ে আলফা স্বাধীনকে ধৰি বিভিন্ন বিদ্ৰোহী সংগঠনত যোগদান কৰিছে । তথ্য মতে, ২০১৬ চনৰ পৰা ২০২২ চনলৈ সৰ্বাধিক ৮১১ গৰাকী যুৱক-যুৱতীয়ে এনডিএফবিত যোগদান কৰিছে (811 youth joined NDFB in last 6 years) । আনহাতে, আলফা স্বাধীনত যোগদান কৰিছে ২০৩ গৰাকী যুৱক-যুৱতীয়ে (203 youth joined ULFA in last 6 years) ।

সেইদৰে ১৬৪ গৰাকীয়ে এনএলএফবিত, ৩৫১ গৰাকীয়ে পিডিচিকে আৰু ৩২ গৰাকী যুৱক-যুৱতীয়ে ইউপিআৰএফত যোগদান কৰিছে । ইফালে উক্ত সময়ছোৱাত বহুসংখ্যক যুৱক-যুৱতীয়ে সন্ত্রাসবাদৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে । চৰকাৰী তথ্য মতে, ২০১৬ চনৰ পৰা বৰ্তমানলৈ ২৩ টা উগ্ৰবাদী সংগঠনৰ মুঠ ৭,৯৩৫ গৰাকী সদস্যই আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে (7935 militant surrendered in last 6 years)।

ইয়াৰে ভিতৰত আছে আনলাৰ ১৫ গৰাকী, এডিএফৰ ১৭৮ গৰাকী, চিপিআইৰ (এম) ১১গৰাকী, ডিএনএলএৰ ১৮১ গৰাকী, কেএলএফৰ ৬০ গৰাকী, কেএলএনএলএফৰ ২৪৬ গৰাকী, কেএল অ'ৰ ১৩ গৰাকী, কেএনএলএৰ (ইউপিআৰএফ) ২৭ গৰাকী, কেপিএলটিৰ ৯১৫ গৰাকী, এলডিচিএমএলৰ ২ গৰাকী, এনডিএফবিৰ ৪৫১৬ গৰাকী, এনএলএফবিৰ ৪৬৫ গৰাকী, এনএছএলএৰ ৮৭ গৰাকী, পিডিচিকেৰ ৩৮৮ গৰ‍াকী, প্ৰি-পাকৰ এগৰাকী, ‌আৰএনএলএফৰ ৩১ গৰাকী, টিএলএৰ ৭৭ গৰাকী, ইউজিপিঅ'ৰ ১৬৯ গৰাকী, ইউএলবিৰ ১২ গৰ‍াকী, আলফাৰ ১০৫ গৰাকী, আলফা স্বাধীনৰ ২৬ গৰাকী, ইউপিএলএৰ ৩৭৮ গৰাকী আৰু ইউপিআৰএফৰ ৩২ গৰাকী সদস্য ।

এটা কথা ঠিক যে অসমৰ পৰা উগ্ৰবাদ নিৰ্মূল হোৱা বুলি চৰকাৰখনে দাবী কৰি আহিলেও কিন্তু বহু সংগঠন এতিয়াও সক্ৰিয় হৈ আছে । উক্ত পৰিসংখ্যাই ত‍াৰেই আভাস দিয়ে (Assam Govt data on militancy) ।

লগতে পঢ়ক :বিদ্ৰোহ প্ৰভাৱিত উত্তৰ-পূৰ্বাঞ্চলত সেনা যুদ্ধৰ অন্ত; বিদ্ৰোহীৰ সংগ্ৰাম আৰম্ভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.