কামৰূপ, 1 ছেপ্তেম্বৰঃ বহু উৎকন্ঠাৰ অন্তত 31 আগষ্টত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা । কিন্তু চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতেই হাহাকাৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল সোণাপুৰৰ পূৱ মালয়বাৰী অঞ্চলত ৷ কাৰণ গাঁওখনৰ ২০০০ লোকৰ প্ৰায় ১৫০০ লোকৰ নামেই অন্তৰ্ভুক্ত নহ’ল এন আৰ চি ত ৷
প্ৰায় ৫০০ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বৈধ নথি পত্ৰ দাখিল কৰা স্বত্বেও এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ চিন্তিত হোৱাৰ লগতে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । অভিযোগ উত্থাপন হৈছে যে, একেখন নথিৰে অন্য জিলাত নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে কেৱল কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এন আৰ চি কেন্দ্ৰ সমূহতে হে নাকচ কৰা হৈছে এই নথি সমূহ ৷ স্থানীয় লোকে দাবী উত্থাপন কৰিছে যে, প্ৰকৃত ভাৰতীয় নাগৰিকক বৈধ নথি-পত্ৰ দিয়াৰ পাচতো হাৰশাস্তি কৰা বিষয়াৰ ওপৰত তদন্তৰ নিৰ্দেশ দিব লাগে ৷ এতিয়া এন আৰ চি ৰ কাম কাজ সম্পৰ্কে উঠা অভিযোগ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব এন আৰ চি কৰ্তৃপক্ষই সেয়াহে লক্ষণীয় হ’ব ।