ETV Bharat / state

Budget Session 2023 :আজিৰে পৰা বিধানসভাৰ ১৪ দিনীয়া বাজেট অধিৱেশন - Assam budget 2023

আজিৰে পৰা আৰম্ভ অসম বিধান সভাৰ বাজেট অধিৱেশন (Assam budget 2023) । এই বাজেট অধিৱেশন অহা 5 এপ্ৰিললৈ অনুষ্ঠিত হ’ব । উল্লেখ্য যে, ৰাজ্যপালৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব ।

budget session of Assembly
অসম বিধান সভাৰ বাজেট অধিৱেশন
author img

By

Published : Mar 10, 2023, 9:15 AM IST

গুৱাহাটী, 10 মাৰ্চ : আজিৰে পৰা আৰম্ভ অসম বিধান সভাৰ বাজেট অধিৱেশন ৷ আগন্তুক পাঁচ এপ্ৰিললৈ চলিবলগীয়া এই অধিৱেশনত সদন মুঠ ১৪ দিন বহিব (Budget Session 2023) । অহা ১৬ মার্চত বিত্তমন্ত্ৰীয়ে আগন্তুক ২০২৩ -২৪ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব (Budget session of Assembly) ।

ইপিনে উচ্ছেদ, ভুৱা এনকাউণ্টাৰ, বাল্য বিবাহ প্ৰতিৰোধৰ নামত হাৰাশাস্তি আদি বিভিন্ন বিষয়ক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ সাজু হৈছে বিৰোধী পক্ষ । বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত দলৰ বিধায়কসকলে বিভিন্ন নিয়মৰ অধীনত বিষয়সমূহ সদনত উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Assam budget 2023) ।

ইয়াৰ লগতে বিৰোধী পক্ষৰ বৈঠকত উচ্ছেদৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সকলো নিৰ্দেশনা চৰকাৰে আওকাণ কৰা, বহু ক্ষেত্ৰত অমানৱীয় আচৰণ কৰা, দাম বৃদ্ধি নিয়ন্ত্ৰণ, দুর্নীতি, হত্যা-হিংসা বৃদ্ধি আদি বিষয়সমূহৰ লগতে সকলো গুৰুত্বপূৰ্ণ ইছ্যু চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে বৃহস্পতিবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈক কোনেও নিমন্ত্ৰণ নকৰিলে ।

বিধানসভা অধিৱেশনত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ো পূৰ্বৰ শাসক পক্ষৰ মূৰৰ কামোৰণি হোৱাৰ সম্ভাৱনা আছে । সদনত উত্থাপন হ’বলগীয়া অগ্ৰাধিকাৰ পাবলগীয়া বিষয় সমূহৰ সম্পৰ্কত গগৈয়ে ছ'চিয়েল মিডিয়া যোগে ৰাইজৰ মতামতো বিচাৰিছে । শেহতীয়া বাতৰি অনুসৰি চৰকাৰী পক্ষই সকলো ৰাজনৈতিক দলকে ৰাজ্যপালৰ ভাষণৰ সময়ত কোনো বাধা নিদিবৰ বাবে আহ্বান জনাইছে ।

উল্লেখ্য যে নৱ-নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ (Assam Governor) অসম বিধান সভাত এইয়া প্ৰথম ভাষণ হ’ব । সেই দিনাই ৰাজ্যপালৰ ভাষণক লৈ ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন হ'ব । লগতে চৰকাৰে উত্থাপন কৰিব বিচৰা বিধেয়কসমূহ, চলিত ২০২২-২৩ বৰ্ষৰ বাকী থকা সময়খিনিৰ বাবে পৰিপূৰক মঞ্জুৰীৰ দাবী আদি উত্থাপন কৰা হ'ব ।

অহা ১৩ আৰু ১৪ মাৰ্চত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব । ১৫ মাৰ্চত পৰিপূৰক মঞ্জুৰীক লৈ আলোচনা হ'ব । ১৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে বাজেট ভাষণ আগবঢ়াব । তাৰ পিছত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বিত্তমন্ত্ৰীয়ে বাজেট প্ৰাকলন দাখিল কৰিব । ১৭ মাৰ্চ আৰু ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা, ২১ মাৰ্চত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে ৷

২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্ৰতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ'ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : ASHA Convention 2023: আশাকৰ্মীৰ অভিৱৰ্তনৰ দিনাই প্ৰাপ্য বঞ্চিত আশাকৰ্মীৰ আন্দোলনৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.