ETV Bharat / state

12272 গৰাকী বহিঃৰাজ্যত থকা ব্যক্তিলৈ অসম চৰকাৰৰ সাহাৰ্য - HIMANTA BISWA SARMA

বিদেশত থকা 34 জন অসমীয়া আৰু ভাৰতৰ ভিনন্ন প্ৰান্তত আবদ্ধ হৈ থকা ১২২৭২ জন লোকলৈ অসম চৰকাৰ তৰফৰ পৰা আগবঢ়োৱা হয় আৰ্থিক সাহাৰ্য। কৰ'ণাৰ ভাইৰাছৰ বাবে দেশজুৰি চলা লক ডাউনৰ বাবেই এই সাহাৰ্য আগবঢ়াই অসম চৰকাৰে । বুধবাৰে এই কথা সদৰী কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

হিমন্ত বিশ্ব শৰ্মা
12272 গৰাকী বহিঃৰাজ্যত থকা ব্যক্তিলৈ অসম চৰকাৰৰ সাহাৰ্য
author img

By

Published : Apr 22, 2020, 8:39 PM IST

গুৱাহাটী, ২২এপ্ৰিলঃ শেহতীয়া জৰুৰীকালীন পৰিস্থিতিত বিদেশ আৰু অসমৰ বাহিৰত আবদ্ধ হৈ অসুবিধাত পৰা এক লক্ষণীয় সংখ্যক অসমৰ লোকে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিছে আৰ্থিক সাহাৰ্য । এই ক্ষেত্ৰত অসম চৰকাৰে ইতিমধ্যে ব্যয় কৰিছে প্ৰায় 23 কোটি টকা । বুধবাৰে সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ডঃ শৰ্মাই সাংবাদিকক জনোৱা অনুসৰি,অসম চৰকাৰে লোৱা এক অভিলাষী আঁচনিৰ অংশ হিচাপে কৰ'ণাৰ ভাইৰাছৰ বাবে দেশজুৰি চলা লক ডাউনৰ ফলত বিদেশত অসুবিধাত পৰা 34 গৰাকী লোকে এহেজাৰ ডলাৰ কৈ আৰ্থিক সাহাৰ্য ইতিমধ্যে লাভ কৰিছে । এই শিতানত বিত্ত বিভাগে মোকলাই দিছে মুঠ 25,76, 490 টকা। একেদৰে বিভিন্ন জৰুৰী চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ গৈ আবদ্ধ হৈ থকা অসমৰ 12272 জন লোকৰ বিপৰীতে চৰকাৰে মোকলাই দিছে মুঠ 20.45 কোটি টকা ।

আনহাতে, অন্য ধৰণে ৰাজ্যৰ বাহিৰত আবদ্ধ আন 717 জন লোকৰ বিপৰীতেও মোকলাই দিয়া হৈছে 1.8 কোটি টকা । অৰ্থাৎ এনে সাহাৰ্যৰ শিতানত ইতিমধ্যে খৰছ কৰা হৈছে প্ৰায় তেইশ কোটি টকা। মন্ত্ৰী গৰাকীয়ে জনোৱা মতে চৰকাৰৰ এই আঁচনি অব্যাহত আছে আৰু প্ৰয়োজন হ'লে এই শিতানত এশ কোটি টকা খৰছ কৰিবলৈকো চৰকাৰ সাজু আছে । মন্ত্ৰী গৰাকীৰ মতে এই মূহুৰ্তত অসমৰ বাহিৰত চাৰি লাখতকৈও অধিক অসমীয়া আবদ্ধ হৈ আছে আৰু ভালে সংখ্যকে মিছকলৰ দ্বাৰা নাম পঞ্জীভুক্ত কৰিছে যদিও নাম আৰু বেংকৰ একাউণ্টৰ নথিৰ মিল নথকা বাবে টকা জমা দিব পৰা হোৱা নাই । গতিকে এই ক্ষেত্ৰত সচেতন হ'বলৈ তেওঁ আবেদনকাৰী সকলক সংবাদমেলযোগে আহ্বান জনায়।

উল্লেখ্য যে,কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ সম্বোধন কৰা সংবাদ মেলত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই COVID-19 সন্দৰ্ভত ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ কথা অৱগত কৰে । তেওঁ উল্লেখ কৰে যে,বৰ্তমান পৰ্যন্ত অসমত COVID-19ত আক্ৰান্ত হৈ ১ জনৰ মৃত্যু হৈছে । সেই দিশৰ পৰা মৃত্যুৰ হাৰ 2.94 । এই হাৰ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় হাৰৰ তুলনাত কম ।

আনহাতে, COVID-19ৰ দ্বাৰা ৰাজ্যৰ সাংবাদিকতাৰ লগত জড়িত সকলো ব্যক্তি আক্ৰান্ত হোৱাৰ আশংকা থকাৰ বিষয়ক গুৰুত্ব দি অহা 25 এপ্ৰিলত পুৱা 9 বজাৰ পৰা জি এম চি এইছত সাংবাদিকৰ বাবে COVID-19 পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে চাওকঃ চৈয়দ আব্দুল মালিকৰ ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতাৰ বিতৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.