ETV Bharat / state

মুখ্য সচিবৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ১২ দফীয়া দাবী এজেপিৰ - ক'ভিড পৰীক্ষা কেন্দ্ৰ

বিনামূলীয়া গণ টীকাকৰণৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত বৰ্তমানৰ অনলাইন ব্যৱস্থাৰ সলনি পঞ্চায়ত বা পৌৰ কৰ্মকৰ্তা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে অফলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ দাবী অসম জাতীয় পৰিষদৰ ।

মুখ্য সচিবৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ১২ দফীয়া দাবী এজেপিৰ

author img

By

Published : May 15, 2021, 10:35 PM IST

গুৱাহাটী, ১৫ মে’: শনিবাৰে অসম জাতীয় পৰিষদে অসমৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত কেতবোৰ দাবী আৰু পৰামৰ্শ সম্বলিত এখন স্মাৰকপত্ৰ মুখ্য সচিবৰ যোগেদি মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰে । অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত স্মাৰক পত্রখনত ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্রত চৰকাৰে আৰোপ কৰা জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰাইজে সন্মুখীন হৈ অহা সমস্যাসমূহ দূৰ কৰাৰ বাবে চৰকাৰে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰাৰ দাবী জনোৱা হয় ।

তদুপৰি স্মাৰক পত্র যোগে বিনামূলীয়া গণ টীকাকৰণৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত বৰ্তমানৰ অনলাইন ব্যৱস্থাৰ সলনি পঞ্চায়ত বা পৌৰ কৰ্মকৰ্তা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে অফলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰা, গাঁও পঞ্চায়ত বা ৱাৰ্ড পৰ্যায়ত ‘ক’ভিড কেয়াৰ আৰু মণিটৰিং চেন্টাৰ’ স্থাপন, ঔষধ আৰু খাদ্য সামগ্ৰীৰ ‘হোম ডেলিভাৰী’ৰ ব্যৱস্থা কৰা, ব্যক্তিগত হাস্পতালসমূহত ক'ভিড চিকিৎসাৰ ক্ষেত্ৰত হোৱা অত্যাধিক মূল্য নিয়ন্ত্ৰণ কৰা, অক্সিজেন আৰু এম্বুলেন্স সেৱা সহজলভ্য আৰু সাৰ্বজনীন কৰা, দৰিদ্ৰ তথা শ্ৰমিক শ্ৰেণীৰ লোকৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা, ক'ভিড পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰি গাঁও স্তৰলৈ লৈ যোৱা, শিশু আৰু বৃদ্ধ লোকৰ স্বাস্থ্যৰ প্ৰতি অধিক ধ্যান দিয়াৰ ব্যৱস্থা কৰা, সম্ভাব্য সংকটকালীন অৱস্থা মোকাবিলা কৰিবলৈ সাজু থকাৰ স্বাৰ্থত চৰকাৰী আৰু অৰ্ধ চৰকাৰী খণ্ডত ব্যয় সংকোচন কৰা, মন্ত্ৰী-বিধায়ক-সাংসদ তথা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলক গ্ৰাম্যাঞ্চলৰ হকে আৰ্থিক সাহায্য দিবলৈ উৎসাহিত কৰা আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ উপযুক্ত ব্যৱস্থা কৰি দিয়া আদি দাবী উত্থাপন কৰা হয় ।

জাতীয় পৰিষদৰ সভাপতি আৰু সম্পাদকে লগতে কয় যে, জাতীয় পৰিষদে তেওঁলোকৰ দলৰ কৰ্মী-সমৰ্থকসকলক ক’ভিড প্ৰটক’ল মানি প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা হিচাপে ৰাইজক সেৱা আগবঢ়াবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে । সেই মৰ্মে ৰাজ্যজুৰি জাতীয় পৰিষদে সেৱাৰ কাম আৰম্ভ কৰিছে ।

উল্লেখ্য যে, দলৰ উপ-সভাপতি চমছেৰ সিং আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে মুখ্য সচিব জিষ্ণু বৰুৱাৰ হাতত অৰ্পণ কৰা স্মাৰকপত্ৰখনত চৰকাৰলৈ মুঠ ১২ টা দাবী আৰু পৰামৰ্শ আগবঢ়োৱা হয় ।

লগতে পঢ়ক: মৰিয়নী ৰেলৱে জংচনত উপস্থিত ক'ভিড কেয়াৰ ৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.