গুৱাহাটী, ১০ জুন: জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অধীনত তদন্ত কমিটী গঠন কৰাৰ দাবী জনাইছে অসমৰ ১২ টা বিৰোধী ৰাজনৈতিক দলে ৷ এই সন্দৰ্ভত বিৰোধী ১২ টা ৰাজনৈতিক দলে সম্মিলিতভাৱে শনিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৷
স্মাৰকপত্ৰ প্ৰদানৰ পিচতে বিৰোধী ১২ টা ৰাজনৈতিক দলে সম্মিলিতভাৱে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে তিনিটা বিষয়ত বিৰোধী ১২ টা ৰাজনৈতিক দলে সম্মিলিতভাৱে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে (Assam opposition memorandum to governor) ৷
জোনমণি ৰাভাৰ হত্যাৰ ঘটনাৰ তদন্ত কৰা, কয়লাৰ চিণ্ডিকেট (Coal syndicate in Assam) বন্ধ কৰাৰ লগতে দোষীক শাস্তি দিয়া আৰু অসম আৰু চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদৰ সমস্যা সমাধান কৰা বিষয়কেইটাকলৈ ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ৷ তেওঁ কয় যে জোনমণি ৰাভাক পৰিকল্পিত হত্যা কৰা হৈছে ৷ চৰকাৰে এই ঘটনাৰ তদন্ত কৰাৰ বাবে CBI ক দায়িত্ব দিছে ৷ কিন্তু চি বি আইৰ তদন্ত আৰম্ভ কৰা নাই ৷ চি বি আইক দিয়া মানে বিষয়টো বিপথে পৰিচালিত কৰা কথা, চি বি আইৰ ওপৰত ৰাইজৰ আস্থা নাই বুলিও তেওঁ মন্তব্য কৰে (Junmoni Rabha case update) ৷
চি বি আই চৰকাৰৰ পুতলা হৈ পৰিছে, চি বি আইয়ে গ্ৰহণযোগ্যতা হেৰুৱাইছে বুলিও ৰিপুন বৰাই উল্লেখ কৰি কয়, ‘‘আমাৰ দাবী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অধীনত এই ঘটনাৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰিব লাগে ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্তৰ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷’’
সংবাদমেলত জাতীয় দল, অসমৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে জোনমণি ৰাভা হত্যাৰ ঘটনাই বহুত দিশ উন্মোচিত কৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কয়লাৰ চিণ্ডিকেট চলি আছে ৷ সীমা বিবাদৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী বুলি কৈ তেওঁ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰে ৷ সীমা সমস্যা সমাধান হোৱা বুলি একপক্ষীয়ভাৱে কোৱা হৈছে বুলি সাংসদজনে মন্তৱ্য কৰে ৷
সংবাদমেলত কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে কয় যে বিৰোধী দলসমূহৰ দ্বাৰা সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগক পত্ৰ দিয়া হৈছে ৷ তেওঁ লগতে কয় যে অসমত সমষ্টি পুনৰ ৰ্নিদ্ধাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কুটিল ৰাজনীতি কৰি আছে ৷
সংবাদমেলত তেওঁ স্পষ্ট কৰি কয় যে অসমত বিৰোধী দলসমূহৰ লগত এ আই ইউ ডি এফ (AIUDF) দল নাই ৷ কাৰণ এ আই ইউ ডি এফ দল বিজেপিৰ লগত আছে ৷ সংবাদমেলত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদৰ উপসভাতি চি কে দাস, আপৰ সভাপতি ভবেন চৌধুৰী , চিপি আইৰ সম্পাদক ৰাতুল বৰা, চিপি আই এম এলৰ নেতা পংকজ কুমাৰ দাস , ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, জনতা দল ( ইউ) ৰ সভাপতি পৰেশ নাথ আদি উপস্থিত আছিল ৷
লগতে পঢ়ক: Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি