গুৱাহাটী, ৫ নৱেম্বৰ: আজি বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী । ২০১১ চনৰ ৫ নৱেম্বৰত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই আমাৰ মাজৰ পৰা বিদায় লৈছিল । সুধাকণ্ঠৰ মৃত্যু তিথি উপলক্ষে শনিবাৰ তেওঁৰ শেষ ঠিকনা জালুকবাৰীৰ সমাধিক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বিভিন্ন ঠাইৰ পৰা সুধাকণ্ঠৰ ভালপোৱা লোকসকলে জালুকবাৰীৰ সমাধিক্ষেত্ৰলৈ আহি সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
গুৱাহাটীৰ ওচৰৰ বিভিন্ন স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে সমাধিক্ষেত্ৰলৈ আহি সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায় । মন কৰিবলগীয়া যে অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত এইবাৰ নিয়ম মাফিক অনুষ্টুপীয়াকৈ অনুষ্ঠান আয়োজন কৰা দেখা গ'ল ।
প্ৰতিবছৰে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ সময়ত মুখ্যমন্ত্ৰীকে আদি কৰি মন্ত্ৰী, বিধায়কসকল সমাধিক্ষেত্ৰত উপস্থিত হৈছিল যদিও এতিয়া যেন সময় যোৱাৰ লগে লগে ৰজাঘৰীয়াই শিল্পীগৰাকীক পাহৰিবলৈ লৈছে । বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকীত আজি ৰজাঘৰীয়াৰ কোনো মন্ত্ৰী-বিধায়ক সমাধিক্ষেত্ৰত উপস্থিত নহ'ল ।
ইপিনে আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে(AASU observed Bhupen Hazarika death anniversary) । আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে সুধাকণ্ঠৰ সকলো সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে । তেওঁ জালুকবাৰী সমাধিস্থলীত আহল-বহলকৈ ভালদৰে নিৰ্মাণ কৰা আৰু ড৹ ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয়ত আসনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক আহ্বান জনায়(AASU raised several questions to govt) ।
ইপিনে মহানগৰীৰ দীঘলীপুখুৰীপাৰত থকা ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি দীপাংক কুমাৰ নাথ । সন্ধিয়া দীঘলীপুখুৰীপাৰত প্ৰতিমূৰ্তিস্থলীত ছাত্ৰ-ছাত্ৰী, বিশিষ্ট নাগৰিক আৰু ৰাইজে ১০ হেজাৰ বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে ।
লগতে পঢ়ক : Bhupen Hazarika death anniversary: সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ