ETV Bharat / state

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 17, 2020, 10:59 AM IST

লাম্পি সমস্যাক লৈ গোৰ্খা ছাত্ৰ সন্থাৰ অভিযোগ নস্যাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ

লাম্পিক লৈ মেঘালয়ে সময়ে সময়ে অসমৰ জনতাক কৰা আক্ৰমণৰ সমস্যাৰ, জন্মলগ্নৰে পৰা ভুক্তভোগী বুলি মন্তব্য ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীৰ ৷ এই ক্ষেত্ৰত পৰিষদৰ তৰফৰ পৰা বহুবাৰ চৰকাৰক আবেদন নিবেদন কৰা হৈছিল যদিও কোনো সুফল নোপোৱা বুলিও জনায় অৰ্জুন চেত্ৰীয়ে ৷

পুলৱামাত সন্ত্ৰাসবাদীৰ দ্বাৰা সংস্থাপিত আই ই ডি উদ্ধাৰ

নিৰাপত্তাৰক্ষীৰ জোৱানে পুলৱামাত সন্ত্ৰাসবাদীৰ দ্বাৰা সংস্থাপন কৰা এটা আই ই ডি উদ্ধাৰ কৰে ৷ যাৰ ফলত এক অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰে পুলৱামাবাসী ৷ এখন দলঙৰ তলত বিস্ফোৰক আই ই ডি উদ্ধাৰৰ পাচতে অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷

বিষ্ণুৰ অৱতাৰ সকলোৰে বাবে কিন্তু বিজেপিয়ে ভগৱানক নিজৰ বুলিহে ভাৱেঃ অখিলেশ যাদৱ

সমাজবাদী দলৰ প্ৰধান অখিলেশ যাদৱে দেওবাৰে বিজেপিক কটাক্ষ কৰি কৈছিল যে, ভগৱান বিষ্ণুৰ অৱতাৰ সকলোৰে বাবে কিন্তু বিজেপিয়ে ভগৱানক নিজৰ বুলিহে ভাৱে ৷

ডুমডুমাৰ টিপুকস্থিত ইটাভাটাৰ পুখুৰীত উদ্ধাৰ মৃতদেহ

ডুমডুমাৰ ব্যৱসায়ী পুলিন দুৱৰাৰৰ ইটাভাটাত থকা পুখুৰীত দেওবাৰে নিশা উদ্ধাৰ হয় এগৰাকী লোকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা লোকগৰাকী বাগিছা খনৰ শ্ৰমিক বুধুৰাম কৰ্মকাৰ বুলি জানিব পৰা গৈছে ৷

বিশ্বত 2,18,17,650 লৈ বৃদ্ধি কৰ'ণাৰ সংক্ৰমণ

বিগত 24 ঘণ্টাত সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় মুঠ 2,18,17,650 গৰাকী লোকলৈ ৷ বিশ্বৰ ভিন্ন দেশত কৰ'ণা আক্ৰান্তৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...

কাশ্মীৰবিহীন ভাৰতৰ মানচিত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি ৰাইজৰ ৰোষত বিধায়িকা

স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ সময়ত কাশ্মীৰ বিহীন মানচিত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি ৰাইজৰ ৰোষত পৰিল, কেৰালাৰ অৰোৰ বিধায়িকা চেনিমল ওছমান ৷ বিধায়িকা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষী থানাত ৷

পথত গছ বগৰাই ডকাইতে লুটিলে ৪ লাখ ৫০ হেজাৰ টকা

নিলামবজাৰত ডকাইতি কাণ্ড ৷ চাৰি-পাঁচজনীয়া এটা ডকাইতৰ দলে ডেগাৰ দেখুৱাই লুটি নিয়ে চাৰি লক্ষাধিক টকা ।

চিকিৎসালয়ৰ বিছনাত সহায় বিচাৰি চিৎকাৰ এগৰাকী ক’ভিড যোদ্ধাৰ

দিন-ৰাতি একাকাৰ কৰি পাণ্ডুৰ বিভিন্ন অঞ্চলত স্বাস্থ্যকৰ্মীৰ লগতে প্ৰভা কলিতাই নিজৰ কৰ্তব্য পালন কৰি আহিছিল । কিন্তু এইগৰাকী আশা কৰ্মী এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিছনাত ।

ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহায্য

১৯৯৪ চনৰ পৰাই ভাওনাৰ প্ৰতি যুৱচাক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সাধনা অব্যাহত ৰাখিছিল টীয়ক ৰজাবাৰীৰ কৃষ্ণপদ কলিতাই । যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল কৃষ্ণপদ কলিতাই ৷ তেখেতৰ এই জীৱনজোৰা সাধনাই চৰকাৰী স্বীকৃতি লাভ কৰাৰ বাবে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে টীয়ক প্ৰেছ ক্লাৱে ৷

ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ পৰিসমাপ্তি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.