ETV Bharat / state

Loksabha Election 2024 : গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাই বিৰোধী শক্তিৰ মূল লক্ষ্য: ভূপেন বৰা

author img

By

Published : Apr 28, 2023, 8:02 AM IST

গুৱাহাটীত কংগ্ৰেছকে ধৰি 11 টা বিৰোধী ৰাজনৈতিক দলৰ সংবাদমেল ৷ এ আই ইউ ডি এফৰে কোনো কাৰণতে মিত্ৰতা নহয় বুলি সংবাদমেলত স্পষ্টকৈ উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সংবাদমেলখনত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই এম, চি পি আই এম এল, আঞ্চলিক গণ মৰ্চা, তৃণমূল কংগ্ৰেছ, আৰ জে ডি, এন চি পি দলৰ নেতৃত্বই অংশগ্ৰহণ কৰে ( press conference of 11 opposition parties) ৷

Etv Bharat
Etv Bharat

11 টা বিৰোধী ৰাজনৈতিক দলৰ সংবাদমেল

গুৱাহাটী, 28 এপ্ৰিল : বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 11 টা বিৰোধী ৰাজনৈতিক দলে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । গুৱাহাটী মহানগৰীৰ হোটেল লিলিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে 11 টাকৈ ৰাজনৈতিক দলৰ নেতৃত্ব । অৱশ্যে আম আদমী পাৰ্টীৰ প্ৰতিনিধি বৈঠকত উপস্থিত নাছিল (11 opposition parties meeting)।

সন্ধিয়া 6.30 বজাৰ পৰা প্ৰায় 9.30 বজালৈ চলা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলখনত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে উত্থাপন কৰা অভিযোগসমূহ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্বাৱধানত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ বাবে 11 টা বিৰোধী দলে দাবী জনায় । বৈঠকত এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় বুলি বৰাই জানিবলৈ দিয়ে (Assam congress president Bhupen Borah)।

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ শীঘ্ৰেই বিৰোধী দলসমূহে ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰিব বুলিও সংবাদমেলখনত উল্লেখ কৰে । একেদৰে সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীক সাংসদ অজিত ভূঞাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দিবৰ বাবে প্ৰত্যাহ্বান জনায় । উল্লেখ্য যে, সংবাদমেলত সৰ্বসন্মতিক্ৰমে বিৰোধী ৰাজনৈতিক উমৈহতীয়া সমন্বয় সমিতি গঠন কৰা হয় । তদুপৰি, কোনো কাৰণতে এ আই ইউ ডি এফ দলৰে মিত্রতা নহয় বুলি বৈঠকত কংগ্ৰেছ দলে স্পষ্ট কৰি দিয়ে (Case against MP Ajit Bhuyan)।

সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলো বিৰোধী ৰাজনৈতিক দল এক হৈছো বুলি উল্লেখ কৰে । উল্লেখ্য যে গুৱাহাটীৰ হোটেল লিলিত কংগ্ৰেছে আয়োজন কৰা গুৰুত্বপূৰ্ণ বৈঠকত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই এম, চি পি আই এম এল, আঞ্চলিক গণ মৰ্চা, তৃণমূল কংগ্ৰেছ, আৰ জে ডি, এন চি পি আদি দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰে । এ আই ইউ ডি এফক বাদ দি 11 টা দলে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰূপৰেখা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে (11 opposition parties press conference) ।

লগতে পঢ়ক : MP Ajit Bhuyan case: দুৰ্নীতিৰ গোচৰত অভিযুক্ত সাংসদ অজিত ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.