ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা খবৰ

11 বজাৰ শীৰ্ষ 10 টা খবৰ

11 বজাৰ শীৰ্ষ 10 টা খবৰ
11 বজাৰ শীৰ্ষ 10 টা খবৰ
author img

By

Published : Feb 2, 2021, 11:23 AM IST

ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা ৰাজ্যত

অসম, পশ্চিমবংগ আৰু তামিলনাডু- এই তিনি ৰাজ্যৰ নিৰ্বাচনী অধিসূচনা একেলগে অহা 20 ফেব্ৰুৱাৰীত ঘোষিত হোৱাৰ সম্ভাৱনা আছে । ৰাজ্য প্ৰশাসনৰ এক সূত্ৰৰ মতে, 20 ফেব্ৰুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাটো প্ৰায় নিশ্চিত আৰু তেনে পৰিপ্ৰেক্ষিতত বাজেটৰ ধন ব্যয় আৰু আঁচনিসমূহৰ ধন মোকলাই দিয়াৰ বাবে দিল্লী আৰু দিছপুৰ উভয়েই বিশেষ তৎপৰতা লৈছে ।

2021-22 বৰ্ষৰ বাজেট ব্যৱহাৰিক আৰু উন্নয়নসমূলক: সৰ্বানন্দ সোণোৱাল

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, বাজেটৰ প্ৰস্তাৱসমূহত দেশৰ পুঁজি তথা উদ্ভাৱনসমূহক পুনৰ সঞ্চালিত কৰাৰ সমান্তৰালকৈ স্বাস্থ্য, শাৰিৰীক তথা আৰ্থিক মূলধন আৰু আন্তঃগাঠনিসমূহক গতি প্ৰদান কৰিব ৷ ইয়াৰ উপৰিও 1016 চনৰ বিত্তীয় বাজেটৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বুজাবুজিৰ ফলতে 2021-22 বৰ্ষৰ বাজেটত অসমৰ যোগাযোগ আৰু আন্তঃগাঠনিৰ ক্ষেত্ৰত লক্ষণীয় বৃদ্ধি দেখিবলৈ পোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে

কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ

সোমবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত কংগ্ৰেছৰ বিশাল গণ সমাবেশ অনুষ্ঠিত হয় । সমাবেশত বিজেপিয়ে এন আৰ চি আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিশ্ৰুতি মতে কাম কৰা নাই বুলি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ৰকিবুল হুছেইনে ৷

শোণিতপুৰলৈ দক্ষতা বিকাশ পৰিকল্পনা প্ৰস্তুতকৰণৰ শ্ৰেষ্ঠ বঁটা

বিশ্ব বেংকৰ SANKALP কাৰ্যসূচীৰ অংশস্বৰূপে আৰম্ভ হোৱা জিলা দক্ষতা বিকাশ পৰিকল্পনা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাই ৷

2021-22 বৰ্ষৰ বাজেটে ত্ৰিপুৰাৰ আৰ্থিক উন্নয়ন আনিব: বিপ্লৱ কুমাৰ দেৱ

দেশৰ সাধাৰণ বাজেট সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্যৰ আৰ্থিক অৱস্থা ঘুৰাই আনিব বুলি বিপ্লৱ কুমাৰ দেৱৰ ৷

প্ৰতিৰক্ষা বিভাগত 4.78 লাখ কোটি টকা ধাৰ্য 2021-22 বৰ্ষৰ বাজেটত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2021-22 বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা বিভাগত বাজেটৰ পৰিমান বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ধন্যবাদ জনায় ৷ 2021-22 বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা বিভাগৰ বাবে 4.78 লাখ কোটি টকা ধাৰ্য কৰিছে ৷ আনকি, বিগত 15 বছৰৰ ভিতৰত 2021-22 বৰ্ষতে সৰ্বাধিক টকা ধাৰ্য কৰিছে প্ৰতিৰক্ষা বিভাগত ৷

বাজেটত ঋণ লোৱাৰ পৰিসৰ বৃদ্ধি কৰা হৈছে : ত্ৰিপুৰা বিত্তমন্ত্ৰী

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে সদনত উত্থাপন কৰা বাজেটক আদৰণি জনোৱাৰ লগতে প্ৰশংসা ত্ৰিপুৰাৰ বিত্তমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাৰ ৷ এই বাজেটে ঋণ লোৱাৰ পৰিসৰ বৃদ্ধি কৰা বুলি মন্তব্য কৰে ৰাজ্যখনৰ বিত্তমন্ত্ৰীগৰাকীয়ে ৷

কপিল-গিন্নীৰ জীৱনলৈ আহিল দ্বিতীয়টো সন্তান

সোমবাৰে দ্বিতীয়টো সন্তানৰ পিতৃ হ'ল কপিল শৰ্মা । 2018ত কপিল শৰ্মা আৰু গিন্নী চৰথৰ বিবাহ সম্পন্ন হৈছিল । 2019ত এটি কন্যা শিশু কপিল-গিন্নীৰ জীৱনলৈ আহে ।

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বকোৰ লামপাৰাৰ সমীপৰ শালনিত গুৱাহাটী অভিমুখী চিমেন্ট কঢ়িওৱা ট্ৰাক আৰু AS-01-FC-1280 নম্বৰৰ ATMৰ ধন কঢ়িওৱা (SIS PROSEGUR) বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ যাৰ ফলত পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য

অৰুণাচল প্ৰদেশত অনুষ্ঠিত হোৱা ৰেহ উৎসৱত অংশগ্ৰহণ কৰে প্ৰথম গোৰ্খা ৰেজিমেন্টৰ এটা দলে ৷ দলটোৱে খুকৰী নৃত্য প্ৰদৰ্শণ কৰে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.