ETV Bharat / state

11 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Aug 7, 2020, 10:56 AM IST

11 বজাৰ শীৰ্ষ বাতৰিসমূহ

11 am top ten news
11 বজাৰ শীৰ্ষ বাতৰিসমূহ

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ 5 টা গুৰুত্বপূৰ্ণ ঘটনা

34 বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুন শিক্ষানীতিৰ বিভিন্ন দিশ সন্দৰ্ভত বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে শুকুৰবাৰে অনুষ্ঠিত কৰিব লগা এক আলোচনা চক্ৰত ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধনী ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দৰমহা কৰ্তন হ’ব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কৰ্মচাৰীৰ

5 আগষ্টত প্ৰকাশ পোৱা এক বিজ্ঞপ্তিযোগে সংস্থাটোৰ মানৱ সম্পদ বিভাগৰ প্ৰধান টি. বিজয়কৃষ্ণই কয় যে,অন্যান্য বিমান প্ৰতিষ্ঠানৰ দৰে এয়াৰ ইণ্ডিয়ায়ো ক'ভিড-19 মহামাৰীৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱান্বিত হৈছে ৷ বিগত জুলাই মাহলৈকে এয়াৰলাইঞ্চ কোম্পানীটোৰ ৰাহজ 88 শতাংশ হ্ৰাস পাইছে ৷ আনহাতে বেংক তথা অন্যান্য মূল বিক্ৰেতাসমূহক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে বিমান সংস্থাটোৱে ইয়াৰ কাৰ্যকৰী মূলধন বঢ়াবলৈ বাধ্য হৈছে ৷

17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল ডেৰ কেজি চুলি

ঝাড়গ্ৰাম জিলা চুপাৰ স্পেছিয়েলিটি হাস্পতালত কিছুদিন পূৰ্বে পেটৰ বিষ আৰু বমিৰ চিকিৎসাৰ বাবে এগৰাকী কিশোৰী ভৰ্তি হয় ৷ পৰৱৰ্তী সময়ত এনড্ৰ’স্কোপিৰ জৰিয়তে চিকিৎসক গৈৰিক মাঝিয়ে কিশোৰীগৰাকীৰ পেটত চুলিৰ উপস্থিতি ধৰা পেলায় ৷ বৃহস্পতিবাৰে অপাৰেশ্যনৰ জৰিয়তে কিশোৰীগৰাকীৰ পেটৰ পৰা ডেৰ কেজি চুলি উলিওৱা হয় ৷

কৰ'ণাৰ ঔষধ হিচাপে ব্যৱহাৰৰ সম্ভাৱনা সুৰাপায়ীৰ চিকিৎসাত ব্যৱহাৰ ঔষধ

মহামাৰী COVID-19 ৰ প্ৰতিৰোধ কৰিব পাৰে সুৰা সেৱনৰ অভ্যাস এৰুৱালৈ ব্যৱহাৰ কৰা ডাইছলফিৰাম নামৰ ঔষধ ৷ ৰুছৰ নেশ্যনেল ৰিচাৰ্জ Higher School of Economics আৰু Zelinsky Institute Of Organic Chemistry ৰ গৱেষণাত প্ৰকাশ পাইছে এই খবৰ ৷

দুৰ্যোগৰ সন্মুখীন পশ্চিম বৰপেটাৰ পাচলি খেতিয়ক

নামনি অসমৰ পশ্চিম বৰপেটা অঞ্চলত চাৰিবাৰকৈ অহা প্ৰলয়ংকৰী বানে শ শ বিঘা পাচলি খেতি বিনস্ত কৰিছে ৷ যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ কৃষকসকলে ৷

বন্দুক দেখুৱাই দুৰ্বৃত্তই লুটি নিলে স্কুটিসহ নগদ ধন

গোৰেশ্বৰত ভূমিধৰ কলিতা নামৰ শিক্ষকজনে মহৰিপাৰাৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত তিনিজনীয়া ডকাইতৰ দলে তেখেতক বাট আগচি ধৰে ৷ তেখেতক প্ৰাণে মৰাৰ ভাবুলি প্ৰদান কৰি ডকাইতৰ দলটোৱে লুটি নিয়ে স্কুটিসহ নগদ 20 হাজাৰ টকা ৷

কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগঃআৰক্ষীয়ে জব্দ কৰিলে শিলৰ মহল

সপটগ্ৰামত বন বিভাগৰ সমুখতে চলি আহিছিল অবৈধ শিলৰ মহল ৷ বৃহস্পতিবাৰে বিলাসীপাৰী মহকুমা আৰক্ষীয়ে শিলৰ মহলটো জব্দ কৰি গতাই দিয়ে সপটগ্ৰাম আৰক্ষীক ৷ তদন্তৰ পাছত বহু ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা ৷

দেশৰ নতুন কন্ট্ৰলাৰ জেনেৰেল নিযুক্ত গিৰিশ চন্দ্ৰ মুৰ্মু

জম্মু-কাশ্মীৰৰ লেফ. গৱৰ্নৰ হিচাপে অব্যাহতি লোৱাৰ এদিন পিচতেই গিৰিশ চন্দ্ৰ মুৰ্মুক দেশৰ পৰৱৰ্তী কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে নিযুক্ত কৰে সাধাৰণ প্ৰশাসন বিভাগে ৷ ৰাষ্ট্ৰপতিয়ে এই নিযুক্তিত অনুমতি দিয়ে আৰু শনিবাৰে দেশৰ কেগ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব মুৰ্মুৱে ৷

ধুবুৰীত কোভিড-১৯ত মৃতকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি

ধুবুৰীত কোভিড-১৯ত মৃতকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি । দুটা দিনত তিনিজনৰ মৃত্যু ।

কোভিড-19ৰ পৰা আৰোগ্য লাভ আমিনুল হক লস্কৰৰ

কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰে আমিনুল হক লস্কৰে ৷ শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ৷ বিগত 28 জুলাইত কোভিড-19ত আক্ৰান্ত হৈছিল লস্কৰ ৷ অৱশেষত কোভিড-19ৰ চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰে লস্কৰে ৷ লস্কৰৰ চিকিৎসাত প্লাজমা থেৰাপি ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ ফলতেই আৰোগ্য লাভ কৰে তেওঁ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.