বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ
কিছু দিন পূৰ্ৱে বদৰুদ্দিন আজমলে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙিব,বোৰ্খা পিন্ধি বাহিৰলৈ ওলাব নোৱাৰিব,দাড়ি টুপী পিন্ধি মুছলমান সম্প্ৰদায়ৰ লোক বাহিৰলৈ ওলাব নোৱাৰিব বুলি কৰা মন্তব্যৰ পাছতে বদৰুদ্দিনক উভতি ধৰিছে আমিনুল হক লস্কৰে ৷
বাক্সাত উপস্থিত মেগচেছে বঁটা প্ৰাপক সোনম ৱাংচুকৰ মত-বিনিময়
সোনম ৱাংচুক দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বিটিআৰত উপস্থিত হৈছে ৷ শুকুৰবাৰে সন্ধিয়া বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী খাৰুৱাজানত এখনি শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। বিটিআৰৰ চাৰিখন জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান সকলৰ সৈতে শিক্ষা বিভাগৰ উন্নতিৰ হকে মেগচেছে বঁটাপ্ৰাপক সোনম ৱাংচুকে এক মত-বিনিময় অনুষ্ঠানত ভাগ লয় ৷
পুলৱামাত দুজন সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ
পুলৱামাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ পাচতেই দুজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে । সংঘৰ্ষত আহত হোৱা এজন সন্ত্ৰাসবাদীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।
আমগুৰিৰ প্ৰতিটো ঘৰতে মেলিছে বৃহৎ ফাঁট!
আমগুৰিত অএনজিচিয়ে তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বাবে বিস্ফোৰণ ঘটোৱাৰ ফলত অৰ্দ্ধ-শতাধিক পকী গৃহত মেলিছে ফাট ৷ অএনজিচিৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী টাই আহোম যুৱ পৰিষদৰ ৷
খোৱাঙত চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ
ৰাজ্য চৰকাৰৰ জাননী মৰ্মে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত মুকলি কৰিবলগীয়া ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰৰ কাৰ্যপ্ৰণালী তথা সুচাৰুৰূপে পৰিচালনা সম্পৰ্কে আলোচনাৰ বাবে শুকুৰবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।
কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন
শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ অসম -বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে কঢ়িয়াই অনা ১৩ টা উন্নত জাতৰ গৰু জব্দ কৰে ৷ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত দুজনকো আটক কৰিবলৈ সক্ষম হয় ৷ লোক দুজন মহম্মদ দিচাদ আৰু সদকত আলী বুলি জানিব পৰা গৈছে ৷
নগাঁও আৰু কাছাৰ কাগজ কলৰ 80 গৰাকী শ্ৰমিকৰ অকাল বিয়োগ
বৰ্তমান পৰ্যন্ত কল দুটাৰ 80 গৰাকীকৈ শ্ৰমিকে মৃত্যুক সাৱটি লৈছে ৷ শুকুৰবাৰে মৃত শ্ৰমিকসকলৰ সদগতি কামনাৰে জইন্ট একশন কমিটি অফ ৰিকগনাইজ ইউনিয়নৰ কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে 11 ফ্ৰেব্ৰুৱাৰীত এক শোক সভাৰ আয়োজন কৰিব বুলি জানিবলৈ দিছে ৷
কামপুৰত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত শুকুৰবাৰে কামপুৰত এখন আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ ৮ টাকৈ দলে অংশগ্ৰহণ কৰে ৷
মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুনীল কুমাৰ আৱাষ্টীৰ পদত্যাগ
২০১৬ চনৰ ১৩ অক্টোবৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে যোগদান কৰাৰ পিছতে ১৭ মাৰ্চ,২০১৮ ত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল সুনীল কুমাৰ আৱাষ্টীক ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰে মধুৰ সম্পৰ্ক গঢ়াৰ কৌশল ৰচনা পাকিস্তানৰ
আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে পাকিস্তানে ৷ বৈদেশিক কাৰ্যালয়ৰ এজন বিষয়াই জনাইছে এই কথা ৷