ETV Bharat / state

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 11 AM TOP TEN BULLETIN

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 22, 2021, 11:26 AM IST

জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা

বিগত বছৰ সমূহৰ লেখীয়াকৈ আজি শুকুৰবাৰে সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা । দুভাগ নিশাৰ পৰাই আৰম্ভ হোৱা বিনিময় প্ৰথাৰ উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ।

ধেমাজিত অসম জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

প্ৰতিবাদীসকলে হাতে হাতে বেনাৰ , প্লে কাড’ লৈ লাইকা দধীয়া দূগ’ত ৰাইজক পুনৰসংস্থাপিত কৰা, বান গৰাখহনীয়া ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন প্ৰদান কৰা, ভূমিহীন লোকক ভূমি আৰু পট্টা প্ৰদান কৰাৰ লগতে হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাাৰ দাবী জনায় ৷

কৰ্ণাটকৰ শিলৰ কুৱেৰীত বিস্ফোৰণ : নিহত 8 জন শ্ৰমিক

কৰ্ণাটকৰ শিৱমোগ্গাৰ শিলৰ কুৱেৰীত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ ৷ প্ৰায় 5 কিলোমিটাৰ দূৰলৈ প্ৰভাৱ পৰা এই বিস্ফোৰণটোত 8 জন শ্ৰমিকৰ মৃত্যু হয় ৷ সম্প্ৰতি সমগ্ৰ অঞ্চলটো চীল কৰি আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

কৰিমগঞ্জৰ মন্দিৰত উদ্ধাৰ গো-মাংস

কৰিমগঞ্জৰ কালিগঞ্জত থকা সন্যাসীবাড়ি মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

স্বাধীনতাৰ 73 বছৰ পাৰ হোৱাৰ পাচতো কেৰাচিনৰ চাকিৰে পোহৰ হোৱা এখন গাঁও ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ উত্তৰ মেজেংজুলি গাঁৱৰ গাঁওবাসীয়ে আজিলৈকে লাভ নকৰিলে বিদ্যুৎ সেৱা ৷

অসহনীয় ! এটা দুৰ্ঘটনাই চূৰমাৰ কৰি দিয়ে একোখনকৈ ঘৰ

পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ বিভাগৰ কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সহিতে বেনাৰ লৈ ঘৰে ঘৰে চলাইছে প্ৰচাৰ অভিযান ৷ ই অভিযানত বিভিন্ন পৰিয়াল পৰ্যবেক্ষণ কৰাত পোহৰলৈ আহিল বহু হৃদয় বিদাৰক ঘটনা ৷ যদি কোনো সুঠাম যুৱক দীৰ্ঘদিন পংগু হৈ বিচনাত আছে, আন কোনোবা দুৰ্ভগীয়া পিতৃৰ হিয়া ভগা কান্দোন ৷

ৰূপহীহাটত তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা,গটঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি জীৱন বৰাৰ উপৰিও স্থানীয় বহু ব্যক্তিৰ উপস্থিতিত সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে প্ৰয়াত মুখ্যমন্ত্ৰী গগৈৰ চিতাভষ্ম সোনাই নৈত বিসৰ্জন দিয়া হয় ৷
বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভ

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত নৱৰূপত স্বয়ম আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ ৷ 940 টা গোটৰ 8,230 গৰাকী হিতাধিকাৰীক 50,00 টকাকৈ আৰ্থিক অনুদান প্ৰদান ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য প্ৰেক্ষাগৃহত নৱৰূপত স্বয়ম আঁচনিৰ অধীনত আবেদন মঞ্জুৰ কৰা হিতাধিকাৰী সকলক অনুমোদন পত্ৰ প্ৰদান ৷

বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শীৰ্ষ নেতা সকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত কৰা হ'ব ৷ য'ত দলটোৰ ৱৰ্কিং কমিটি গঠন অথবা দলটোৰ নতুন সভাপতি নিৰ্বাচন কৰাৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

লাইকা দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

লাইকা দধীয়াবাসীৰ পুনৰ সংস্থাপন আৰু হৰি শংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ জেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অনুপ ফুকন,এ জে পিৰ ৰাজ্যিক আহ্বায়ক গীতাঞ্জলি মেধি, জেষ্ঠ্য সাংবাদিক শৰৎ চন্দ্ৰ নেওগকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.