গুৱাহাটী, ১০ জানুৱাৰী: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই । গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সভাত বিজেপিৰ কৰ্মকৰ্তাসকলক উদ্দেশ্য দিয়া ভাষণত জে পি নাড্ডাই কয়, ‘‘দেশৰ জনগণৰ প্ৰতি ইমান বছৰে অন্যায় কৰাৰ পিচত এতিয়া কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিবলৈ ওলাইছে । এয়া লাজৰ কথা ।’’
নাড্ডাই আৰু কয়, ‘‘জে এন ইউত ভাৰতবিৰোধী শ্ল’গান দিয়াসকলৰ লগত ৰাহুল গান্ধী লগ হৈছিল । এই সকল লোকক লৈ ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিবলৈ বিচাৰিছে । অ’ বি চিক গালি দি ক্ষমা নোখোজা ৰাহুলে অ’ বি চিৰ কাষত থিয় হ'বলৈ আহিছে । ৰাহুল গান্ধীক মাত্ৰ ভোট লাগে । ভোটৰ স্বাৰ্থত কংগ্ৰেছে যিকোনো কাম কৰিব পাৰে ।’’
তেওঁ লগতে কয় যে ১৯৮৪ চনত শিখসকলৰ ওপৰত কংগ্ৰেছে কৰা অন্যায়ৰ সন্দৰ্ভত ৰাহুল গান্ধীক প্ৰশ্ন কৰা উচিত । এতিয়া ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিবলৈ আহিছে । তেওঁ কয় যে কংগ্ৰেছে চৰকাৰ গঠন কৰাটো দূৰৈৰ কথা, বিৰোধীত বহাৰো যোগ্যতা নাই । তেওঁ কয় যে ক’লা ধন আৰু গান্ধী পৰিবাৰক ৰক্ষা কৰাৰ বাবে বিৰোধীয়ে 'I.N.D.I.A.' গঠন কৰিছে ।
দেশৰ উন্নয়নৰ লগত বিৰোধী দলসমূহৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰি নাড্ডাই অসমৰ কথা উল্লেখ কৰি কয়, ‘‘এই ভূমি ৰাষ্ট্ৰীয়তাৰ ভূমি, কলাৰ ভূমি, ধৰ্মৰ ভূমি, বীৰৰ ভূমি ।’’ লাচিত বৰফুকন, শংকৰদেৱ আৰু ড৹ ভূপেন হাজৰিকাৰ কথাও সোঁৱৰে নাড্ডাই । তেওঁ কয় যে দেশৰ ৰাজনীতিৰ সংস্কৃতি সলনি হৈছে । ৰাজনীতিৰ সংজ্ঞা সলনি হৈছে মোদীৰ নেতৃত্বত । ৰিপ’ৰ্ট কাৰ্ডৰ ৰাজনীতি মোদীয়ে শিকাইছে ।
বিজেপি চৰকাৰ সাধাৰণ মানুহৰ, পিছপৰা শ্ৰেণীৰ, কৃষক আৰু মহিলাৰ প্ৰতি সৰ্মপিত চৰকাৰ বুলি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ অসমৰ অৰণোদয় আঁচনিৰ সফলতাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘বিজেপিৰ শাসনত অসমত শান্তি প্ৰতিষ্ঠা হৈছে । সীমা সমস্যা সমাধান হৈছে । দেশৰ বাজেটৰ ১০ শতাংশ ধন উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ব্যয় কৰা হ’ব ৷’’
লগতে পঢ়ক: পুৱাই মা কামাখ্যাৰ আশিস ল’লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই