ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP TEN NEWS

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 30, 2021, 1:00 PM IST

গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

গৰুৰ চোৰাং ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ হোৱা গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে । পূৰ্বেও গৰুৰ চোৰাং বেহাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ ৰোষত পৰিছিল আদম ।

ধোৱা চাংঙত পৰিণত হ'ল মন্ত্ৰী কেশৱ মহন্তৰ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি

ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ জলসম্পদ বিভাগ আৰু CENTRAL FLOOD ASSESSMENT TEAM উপস্থিত হৈ ৰহা সমষ্টিৰ ভগ্ন মথাউৰি সমূহ পৰিদৰ্শন কৰি যোৱাৰ পাছতো আজিকোপতি কোনো ধৰণৰ মেৰামতি নহ'ল ভগ্ন মথাউৰিৰ ৷

কলিয়াবৰত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঠিকাদাৰে পথ নিৰ্মাণৰ নামত আৱন্টিত হোৱা ধন আত্মসাৎ কৰি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

দিল্লীত গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ঘটনা কৰিবলৈ উচতনি দিয়া হৈছিল

নাংলোইত এগৰাকী আৰক্ষীৰ পৰা হাৰিয়ানাৰ অজয় ৰথী নামৰ এগৰাকী প্ৰতিবাদী কৃষকে ওৱাৰলেছ চেট কাঢ়ি নিয়াত গ্ৰেপ্তাৰ কৰা হয় । গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক পৰস্থিতিৰ সৃষ্টি কৰিবলৈ উচতনি দিয়া হৈছিল । যাতে সকলো আইন শৃংখলা ভংগ কৰি লাল কিল্লাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰিব পাৰে ।

ওড়িশাত দুটাকৈ ভয়ংকৰ বাছ দুৰ্ঘটনা: নিহত এজন,আহত 19 জন

ওড়িশাত শনিবাৰে সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা দুটাত এজন নিহত হোৱাৰ লগতে আহত হয় 19 জনকৈ লোক ৷ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনা দুটা ৷

খোৱাঙত চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ

ৰাজ্য চৰকাৰৰ জাননী মৰ্মে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত মুকলি কৰিবলগীয়া ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰৰ কাৰ্যপ্ৰণালী তথা সুচাৰুৰূপে পৰিচালনা সম্পৰ্কে আলোচনাৰ বাবে শুকুৰবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

ভাল স্ক্ৰিপ্টত কাম কৰিবলৈ পালে সৌভাগ্যশালী হয়ঃ দৰ্শন কুমাৰ

অভিনেতা দৰ্শন কুমাৰে আৰ মাধৱন আৰু অপাৰশক্তি খুৰানাৰ সৈতে এক ব্যক্তিক্ৰমী চাচপেন্স ট্ৰেলাৰত অভিনয় কৰিবলৈ সাজু হৈছে ৷ লগতে দৰ্শন কুমাৰে কয় যে, ভাল কাহিনী বা ভাল স্ক্ৰিপ্টৰ আধাৰত কাম কৰিব পাৰিলে তেওঁৰ বাবে নতুন বছৰটো ভাল কৈ আৰম্ভণি হয় ৷

বাক্সাত উপস্থিত মেগচেছে বঁটা প্ৰাপক সোনম ৱাংচুক

সোনম ৱাংচুক দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বিটিআৰত উপস্থিত হৈছে ৷ শুকুৰবাৰে সন্ধিয়া বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী খাৰুৱাজানত এখনি শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। বিটিআৰৰ চাৰিখন জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান সকলৰ সৈতে শিক্ষা বিভাগৰ উন্নতিৰ হকে মেগচেছে বঁটাপ্ৰাপক সোনম ৱাংচুকে এক মত-বিনিময় অনুষ্ঠানত ভাগ লয় ৷

ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ হ'ব চৰম বিপৰ্যয়ৰ বিষয় : ৰাষ্ট্ৰসংঘ সচিব

ৰাষ্ট্ৰসংঘৰ সচিব-জেনেৰেল এন্টোনিও গাটেৰেছে ভাৰত আৰু পাকিস্তানক একত্ৰিত হৈ তেওঁলোকৰ সমস্য়াৰ বিষয়ে আলোচনা কৰাটো অতি আৱশ্য়ক বুলি মন্তব্য় কৰে । তেওঁৰ মতে যিকোনো সংঘৰ্ষ কেৱল দুয়োখন দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেই চৰম বিপৰ্যয়ৰ বিষয় হ'ব ।

আজি মথুৰাত কৃষকসকলৰ 'মহাপঞ্চায়ত'

শনিবাৰে দিনৰ ১ বজাত উত্তৰ প্ৰদেশৰ মথুৰাৰ নোহঝীল আৰক্ষী থানাৰ অন্তৰ্গত ইন্টাৰ কলেজ খেলপথাৰত ২০ খনকৈ গাঁৱৰ হাজাৰ হাজাৰ কৃষক একত্ৰিত হৈ অৱস্থান কাৰ্যসূচী 'মহাপঞ্চায়ত' ৰূপায়ণ কৰিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.