1.তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ বুধবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় ৰাহুল গান্ধী ৷ বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে তৰুণ গগৈৰ দিছপুৰ স্থিত চৰকাৰী বাসগৃহলৈ যায় কংগ্ৰেছ নেতা গৰাকী ৷ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায় ৰাহুল গান্ধী উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷
2.আন্তৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মুকলি হ'ব ৰাছিয়াৰ ক'ৰণা প্ৰতিষেধক
শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় বজাৰত মুকলি হ'ব ৰাছিয়াৰ দ্বাৰা উৎপাদিত ক'ৰণা প্ৰতিষেধক ৷ পশ্চিমৰ অন্যান্য কোম্পানীৰ দ্বাৰা উৎপাদিত প্ৰতিষেধকতকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত এই প্ৰতিষেধকৰ দাম যথেষ্ঠ কম হ'ব বুলি দাবী ৰাছিয়াৰ ৷
3.ধেমাজিত কৃষকৰ ক্ষোভঃ গ্ৰাম সেৱক নাযায় খেতি পথাৰলৈ
পথাৰত ভৰি দি নোপোৱা ধেমাজি কৃষি বিভাগৰ গ্ৰামসেৱকৰ বিৰুদ্ধে ক্ষোভ বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ ৷ চাকৰিৰ নামত ঘৰকে বহি দৰমহা খাইছে কৃষকৰ সহায়ৰ বাবে নিয়োগ কৰা গ্ৰাম সেৱকে ৷ কৃষক সকলৰ সহায়ৰ বাবে নিয়োগ কৰা জিলাখনৰ গৰিষ্ঠসংখ্যক গ্ৰাম সেৱকেই নাযায় ৰাইজৰ কাষলৈ ৷
4.হাতী খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণ ৰাইজৰ
ত্ৰিপুৰাৰ উত্তৰ মহাৰাণী পুৰৰ লক্ষ্মীচৰণ গাঁৱত হাতী খেদিবলৈ যোৱা বনকৰ্মীৰ ওপৰত আক্ৰমণ চলায় একাংশ উত্তেজিত ৰাইজে ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় বিশ্বজিৎ দেৱবর্মা নামৰ এগৰাকী বনকর্মী |
5.ঘেহু বিস্ফোৰণৰ পুনৰুত্থানক লৈ প্ৰশাসন আৰু কৃষি বিশেষজ্ঞৰ মাজত শংকা
2017 চনত কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগৰ মুৰ্শ্বিদাবাদ আৰু নাডিয়া জিলাত মাৰাত্মক ঘেহু বিস্ফোৰণজনিত ৰোগ নিৰাময়ৰ বাবে ঘেহু উৎপাদনৰ নিষিদ্ধ ঘোষণা কৰিছিল যদিও চলিত বৰ্ষত এই নিষিদ্ধৰ সময়সীমা উকলি গৈছে ৷ কিন্তু কৃষি বিভাগৰ লগতে কৃষি বিশেষজ্ঞসকলে পুনৰ ঘেহু উৎপাদনৰ বিৰোধিতা কৰিছে ৷
6.আহি আছে নিভাৰ : তামিলনাডুত সতৰ্কতা জাৰী !
বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা ব্যক্ত কৰা অনুসৰি বুধবাৰে বিয়লিৰ ভাগলৈ প্ৰৱল ধুমুহাৰ সৈতে ঘন্টাত প্ৰায় 120ৰ পৰা 130 কিঃমিঃ বেগত তামিলনাডুৰ পূৱ উপকূলত প্ৰৱেশ কৰিব নিভাৰ ঘূৰ্ণী বতাহে ৷ দক্ষিণ মণ্ডল ৰেলৱেয়ে 12খনকৈ ৰেলৰ চলাচল বাতিল কৰিছে ৷
7.আহমেদ পেটেল : কংগ্ৰেছৰ এগৰাকী সুদৃঢ় স্তম্ভ
আহমেদ ভাই মহম্মদভাই পেটেল অৰ্থাৎ আহমেদ পেটেলে 1949 চনৰ 21 আগষ্টত গুজৰাটৰ ভাৰুচত জন্মগ্ৰহণ কৰিছিল ৷ পেটেল বীৰ নৰ্মদ দক্ষিণ গুজৰাট বিশ্ববিদ্য়ালৰ প্ৰাক্তন ছাত্ৰ আছিল ৷ 1976 চনত গুজৰাটৰ ভাৰুচ জিলাত স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পাচৰ পৰাই ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰয়াত আহমেদ পেটেলে ৷ 1985 চনত তেওঁ সেই সময়ৰ তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷
8.ইন্দোৰৰ পৰা গুৱাহাটীলৈ পশ্চিমীয়া ৰে’লৱেৰ প্ৰথমখন কিষাণ ৰে’ল চলাচল
ইন্দোৰৰ পৰা নিউ গুৱাহাটী জংচনলৈ প্ৰথমখন কিষাণ ৰে’লেৰে 180 টন পিয়াজৰ সৰবৰাহ ৷ আগন্তুক দিনত আকৌ 15 খন কিষাণ ৰে’ল চলাচল কৰা হ’ব বুলি ইন্দোৰৰ সাংসদ শংকৰ লালৱানীয়ে সদৰি কৰে ৷
9.উত্তৰ প্ৰদেশত কিশোৰীক অশালীন ইংগিতঃ আত্মহত্যা
অশালীন ইংগিতৰ বলি হৈ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ নিভাডিয়া গাঁৱত মঙলবাৰে দেহত জুই লগাই আত্মহত্যা কৰে এগৰাকী 15 বছৰীয়া কিশোৰীয়ে ৷ ঘটনাটোৰ সৈতে জড়িত অভিযুক্তৰ সন্ধান আৰক্ষী লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷
10. COVID-১৯: ভাৰতত ৯২ লাখৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই
ভাৰতত অব্যাহত আছে প্ৰাণঘাতী কৰ'ণাৰ সংহাৰ। ৪৪,৩৭৬টা নতুনকৈ আক্ৰান্তৰ ঘটনাসহ ভাৰতত ২৫ নৱেম্বৰলৈকে মুঠ ৯২,২২,২১৬ জন লোক মহামাৰীৰ কবলত পৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে এতিয়ালৈকে ১৩.৪৮ কোটি লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷