ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Nov 7, 2020, 1:10 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

1 PM TOP TEN NEWS
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

শুকুৰবাৰে নগাঁৱত সংঘটিত আৰক্ষী আক্ৰমণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰিছে দুজনকৈ যুৱকক ৷

তেজপুৰত এন এছ চি এনৰ দুৰ্ধষ কেডাৰ আটক

তেজপুৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানত মিছন চাৰিআলিৰ পৰা আটক কৰে এজন এন এছ চি এন (আই এম) ৰ এজন দুৰ্ধষ কেডাৰৰ লগতে অৰুণাচলৰ এন পিপি লংডিঙৰ এজন উপ সভাপতি ৷

পাকিস্তান জিন্দাবাদ ধ্বনিৰ পিচতেই হিমন্তক বাংলাদেশী বুলি কটাক্ষ বদৰুদ্দিনৰ

বৰাকত উপস্থিত হৈয়ে কেবাখনো সভা সম্বোধন কৰে বদৰুদ্দিন আজমলে ৷ শুকুৰবাৰে শিলচৰত উপস্থিত হোৱা আজমলে বৰাকৰ তিনিওখন জিলাত পৃথক-পৃথকভাৱে কৰ্মীসভাত অংশগ্ৰহণ কৰিব ।

অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক

বাংলাদেশৰ পৰা অবৈধভাৱে ত্ৰিপুৰাত প্ৰৱেশ কৰি অসম হৈ দিল্লী যোৱাৰ উদ্দেশ্য বাহৰ পাতিছিল যুৱক কেইজনে ৷ যুৱক কেইজনৰ সৈতে নাছিল কোনো বৈধ প্ৰমাণ পত্ৰ ৷

মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

অসমৰ ভূমি মিজোৰামে দখলৰ প্ৰতিবাদত ছাত্ৰ সংগঠন আকসাই শনিবাৰে দিয়া বৰাক উপত্যকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ৷ ছাত্ৰ সংগঠনটোৱে দিয়া 12 ঘন্টীয়া বৰাকৰ বন্ধৰ সময়ছোৱাত বৰাকৰ তিনিওখন জিলাতে সহাঁৰি দিয়ে জনসাধাৰণে ৷

অসম-মিজোৰাম সীমান্তত মোতায়েন কেন্দ্ৰীয় বাহিনী

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ সীমা বিবাদৰ পিচতেই বিগত 10 দিন ধৰি উত্তপ্ত হৈ থকা অসম-মিজোৰাম সীমান্তত শান্তি-শৃংখলা পুনৰুদ্ধাৰৰ বাবে অৱশেষত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰিছে চৰকাৰে ৷

পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

শিলচৰ বিমান বন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া কাৰ্যৰ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ । আজমলৰ উপস্থিতিতে একাংশ লোকে দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি ৷

12 ঘন্টীয়া বৰাক বন্ধৰ প্ৰভাৱ

অসম-মিজোৰাম সীমান্ত সমস্যাৰ মাজতে অসমীয়া নাগৰিকৰ মৃত্যুক লৈ অসমৰ ACKHSA ছাত্ৰ সংগঠনে 12 ঘন্টীয়া বন্ধৰ আহ্বান কৰিছিল ৷ বৰাকত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয় ৷

বিডেনে অসৎ উপায় অৱলম্বন কৰি হোৱাইট হাউছ দখলৰ চেষ্টা চলাইছেঃ ট্ৰাম্প

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য ৷ টুইটযোগে প্ৰকাশ কৰিছে মন্তব্য ৷ জ' বিডেনক অপৰাধী সজোৱাৰ চেষ্টা ট্ৰাম্পৰ ৷ বিডেনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব ট্ৰাম্পে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে নগাঁৱত এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে ৷ ডিঙিত আলু পিয়াঁজৰ মালা পৰিধান কৰি, কাঁহী-বাটি বজাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মী সকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.