কম দৰমহাৰ বাবে পদত্যাগ কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী জনছনে !
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে পদত্যাগৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে টৰী দলৰ কিছুসংখ্যক সাংসদে ৷ পূৰ্বৰ উপাৰ্জনৰ তুলনাত বৰ্তমানৰ উপাৰ্জন যথেষ্ট নহয় বাবে পদত্যাগৰ পৰিকল্পনা কৰিছে বুলি প্ৰকাশ ৷
বৰপেটাত বৈদ্যুতিক যন্ত্ৰৰ সহায়ত মাটিৰ পাত্ৰ নিৰ্মাণ
বৰপেটাত এক্সেছ ডেভলপমেন্ট চাৰ্ভিছ নামৰ এনজিঅ'টোৱে 30গৰাকীকৈ মৃৎ শিল্পীক বৈদ্যুতিক যন্ত্ৰৰ সহায়ত মাটিৰ পাত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ কম সময়তে অধিক সামগ্ৰী নিৰ্মাণৰ অৰ্থে এনজিঅ'টোৱে হাতত লৈছে এই পন্থা ৷
বিলাসীপাৰাত আটক মুন্নাভাই!
বিলাসীপাৰাত আটক ভুৱা চিকিৎসক ৷ চিকিৎসকজন জি ছি পাল বুলি চিনাক্ত কৰা হৈছে ৷ দণ্ডাধীশৰ উপস্থিতিত ভুৱা চিকিৎসকজনৰ ক্লিনিক ছীল কৰি দিয়া হয় ৷
জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি
জুইৰ শিখাৰে ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চিৰ বহল বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল সীমান্ত গগৈয়ে ৷
দুৰ্গা পূজালৈ মাজত মাথো দুদিন : ব্যস্ত মৃৎশিল্পী
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো দুদিন । সমগ্ৰ ৰাজ্য প্ৰতিমা খনিকৰ সকলৰ মাজত চলিছে শেষ পৰশ দিয়াৰ প্ৰস্তুতি ।
মহানগৰীৰ গাড়ীগাঁৱত দুৰ্ঘটনাত থিতাতে নিহত যুৱতী
মহানগৰীৰ গাড়ীগাঁৱত দুৰ্ঘটনাত থিতাতে নিহত যুৱতী ৷ গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী ট্ৰাকে মহতিয়াই নিলে স্কুটিসহ এগৰাকী যুৱতীক ।
সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!
অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰৰ ভূমি বিবাদৰ সমস্যাৰ সমাধানৰ বাবে লায়লাপুৰত অনুষ্ঠিত হয় এখন সভা ৷ সভাত মিজোৰাম আৰু অসমৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷ সভাত মিজোৰামৰ আবদ্ধ ট্ৰাকসমূহ মিজোৰাম আৰক্ষীয়ে আৰু অসমৰ আবদ্ধ ট্ৰাকসমূহ অসম আৰক্ষীয়ে নিৰাপত্তা দি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
কৰিমগঞ্জত ট্ৰাকসহ জব্দ চোৰাং কাঠ
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লংগাই ফৰেষ্ট এলেকাৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ লগতে এখন ডি আই ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা ৷
কৃত্ৰিম বানৰ কবলত পৰিবহণ নিগমৰ কাৰ্যালয়
অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনষ্ঠ এটা কাৰ্যালয় ৷ মৰিগাঁৱস্থিত এই কাৰ্যালয়টো এতিয়া কৃত্ৰিম বানৰ কবলত ৷
নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী
নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন ৷ অংশ লয় ডেৰ কুৰিৰো অধিক চাইক্লিষ্টে ৷