ETV Bharat / state

যোৰহাটত জুবিন

কাঞ্চনজংঘাৰ প্ৰচাৰ চলাবলৈ যোৰহাটত উপস্থিত জুবিন গাৰ্গ ৷ চহৰ খনৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিলে জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷

author img

By

Published : Aug 21, 2019, 2:25 AM IST

কাঞ্চনজংঘাৰ প্ৰচাৰত ব্যস্ত জুুবিন গাৰ্গ

যোৰহাট,21 আগষ্টঃ 6 ছেপ্তেম্বৰত মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত অসমীয়া ছবি 'কাঞ্চনজংঘা'৷ ছবিখনৰ প্ৰচাৰত ব্যস্ত ছবি খনৰ নিৰ্মাতা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ৷ বৰ্তমান উজনি অসমত প্ৰচাৰ চলোৱাত ব্যস্ত জুবিন গাৰ্গৰ লগতে ছবি খনৰ অন্যান্য কলা-কুশলী সকল ৷ বুধবাৰে যোৰহাট চহৰত উপস্থিত হয় কাঞ্চনজংঘাৰ দল ৷ চহৰ খনৰ জগ্ননাথ বৰুৱা মহাবিদ্যালয়, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰচাৰ চলাই জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, শশাংক সমীৰ,ত্ৰিদিৱ লাহন আদিয়ে ৷ অসম কৃষি বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে প্ৰায় ২ ঘন্টা সময় মত-বিনিময় কৰে জুবিন গাৰ্গে ৷

কাঞ্চনজংঘাৰ প্ৰচাৰত ব্যস্ত জুুবিন গাৰ্গ

ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰত অহা দুবছৰৰ ভিতৰত 10 কোটি টকা ব্যয়ৰে ৰাজ্যত 57 টা চলচিত্ৰ গৃহ নিৰ্মাণ কৰা হ'ব বুলি জনাই জুবিন গাৰ্গে ৷ শীঘ্ৰে নদী-দ্বীপ মাজুলীত চিত্ৰগৃহ নিৰ্মাণ হ'ব বুলিও অৱগত কৰে জুবিন গাৰ্গে ৷ ইয়াৰোপৰি,অসমীয়া চিনেমাৰ ভৱিষ্যৎ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে কাঞ্চনজংঘাৰ গীতো পৰিৱেশন কৰে জুবিন গাৰ্গে ৷

কাঞ্চন জংঘাৰ প্ৰচাৰত জূবিন দল।।অহা দুবছৰৰ ভিতৰত ১০ কোটিৰ টকাৰে ৰাজ্যত ৫৭ টা চলচ্চিত্ৰ গৃহ নিৰ্মাণ হব।।মাজুলীত হব চিনেমাৰ গৃহ।।

অহা ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব বহু চৰ্চিত অসমীয়া বোল ছবি কাঞ্চন জংগা।সোত্তৰ বছৰ আগতে মনত ভাবি লিখা এটা কাহিনী এতিয়া সমাজ জীৱনৰ লগত খাপ খাই পৰিল।কাকতলীয় ভাবে তেতিয়াৰ কাহিনীৰ পত্ৰভুমি আজিৰ সময়ৰ লগত মিলি গল।মাত্ৰ ডেৰ কোটি টকাৰ বাজেটৰে নিৰ্মাণ কৰা কাঞ্চন জংগা এখন নতুন প্ৰজন্মৰ ছৱী।কাঞ্চন জংগাৰ প্ৰচাৰ কাৰণে যোৰহাট উপস্থিত হৈ জগ্ননাথ বৰুৱা মহাবিদ্যালয়, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰচাৰ চলাই।উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সৈতে প্ৰায় ২ ঘন্টা যোৰা পোন পটিয়া কথোপকথন হয় কাঞ্চন জংগাৰ দলৰ সৈতে।ছাত্ৰ-ছাত্ৰীৰ বহু প্ৰশ্নৰ উত্তৰ জুবিন গাৰ্গ লগতে পত্নী গৰিমা গাৰ্গে দিয়ে।ছাত্র-ছাত্ৰীৰ পোনপটীয়াকৈ সোধা প্ৰশ্ন আছিল যি সময়ত অসমীয়া বোলছবি বাবে চৱি ঘৰৰ অভাব তেনে সময়ত অসমীয়া চৱীৰ ভৱিষ্যৎ কি।জুবিন আৰু গৰিমা ই কয় ইতিমধ্যে অসমীয়া চলচ্চিত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৫৭ নতুন চৱি গৃহৰ টেন্ডাৰ জনাইছিল আৰু ইতিমধ্যে ১০ কোটি টকা অনুমোদন জনাইছে।আনহাতে মাজুলীত এটা ছৱী গৃহ নিৰ্মাণ হব অতিসোনকালে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.