যোৰহাট, ১২ আগষ্ট: লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছে নিজৰ হেৰাই যোৱা সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে । ইতিমধ্য়ে ৰাজ্য়ৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰিছে সাংগঠনিক সভা আদি । ইয়াৰেই অংশৰূপে শনিবাৰে যোৰহাটত অনুষ্ঠিত হয় "লক্ষ্য এই যাত্ৰা সুদূৰ প্ৰসাৰী" যুৱ সমাৰোহ ।
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা তত্বাৱধায়ক ড৹ স্মৃতিৰঞ্জন লেংকাৰ উপস্থিতিত তিতাবৰত অনুষ্ঠিত হয় "লক্ষ্য এই যাত্ৰা সুদূৰ প্ৰসাৰী" যুৱ সমাৰোহ অনুষ্ঠান । এই যুৱ সমাৰোহ অনুষ্ঠানত যোগদান কৰে অৰ্ধ শতাধিক চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে । কংগ্ৰেছৰ উক্ত যোগদান সমাৰোহত চাহ জনগোষ্ঠীয় লোক উৎসাহ দেখি আপ্লুত হৈ পৰে কংগ্ৰেছ বিষয়ববীয়াসকল ।
এই যোগদান সমাৰোহত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছ সভাপতি জুবেইৰ আনমে কয় যে বিজেপিৰ মতে উজনিত কংগ্ৰেছৰ ভেঁটি অতি দুৰ্বল । কিন্তু আজিৰ যোগদান সমাৰোহে প্ৰমাণ কৰিলে কংগ্ৰেছৰ ভেঁটি উজনিত দুৰ্বল নহয় । তেওঁ পুনৰ কয় যে বৰ্তমান উজনিত কংগ্ৰেছৰ শক্তিশালী ৰূপতহে আত্মপ্ৰকাশ কৰিছে ।
যুৱ কংগ্ৰেছ সভাপতি জুবেইৰ আনমে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভতো মন্তব্য় আগবঢ়ায় । যুৱ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে গৌৰৱ গগৈ অসম গৌৰৱ হৈ থকা নাই । তেওঁ এতিয়া সমগ্ৰ ভাৰতৰে গৌৰৱ হৈ পৰিছে । ইপিনে,আজিৰে পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ যোগদান কাৰ্যসূচী ক্ৰমাগতভাৱে চলি থাকিব বুলি কয় প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । উল্লেখ্য যে উক্ত যোগদান অনুষ্ঠান কাৰ্যসূচীৰ জৰিয়তে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তিতাবৰ পৰাই ৰণডংকা বজালে অসম প্ৰদেশ যুৱ কংগ্ৰছে ।