ETV Bharat / state

Ill after vaccinations : প্ৰতিষেধক বেজী লোৱাৰ পিচতে মৰিয়নীত অসুস্থ দুটি শিশু, স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 2:10 PM IST

স্বাস্থ্যকৰ্মীৰ ভুল চিকিৎসাৰ বলি দুটি শিশু ৷ প্ৰতিষেধক বেজী লোৱাৰ পিচতে ডেৰ মাহ ধৰি শয্যাশায়ী হ'ব লগা হোৱাৰ অভিযোগ শিশুৰ পৰিয়ালৰ ৷ স্বাস্থ্য বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী পৰিয়ালৰ ৷

wrong treatment by health workers in Jorhat
স্বাস্থ্যকৰ্মীৰ ভুল চিকিৎসাৰ বলি দুটি শিশু
প্ৰতিষেধক বেজী লোৱাৰ পিচতে মৰিয়নীত অসুস্থ দুটি শিশু

যোৰহাট, 10 ছেপ্টেম্বৰ: যোৰহাট জিলাৰ মৰিয়নীত এগৰাকী স্বাস্থ্যকৰ্মীৰ ভুলৰ বাবে দুটি শিশুৱে বিগত ডেৰ মাহ ধৰি শয্যাশায়ী হ'ব লগা হোৱাৰ অভিযোগ তুলিছে শিশু দুটিৰ পৰিয়ালে ৷ শিশুৰ সু-স্বাস্থ্যৰ বাবে দিয়া প্ৰতিষেধক মৰিয়নী নগাধুলীৰ উক্ত দুটা পৰিয়ালৰ বাবে অভিশাপ স্বৰূপ হৈ পৰে । জানিব পৰা মতে, মৰিয়নী নগাধুলী পঞ্চায়ত কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ পৰা আয়োজন কৰা এক সাপ্তাহিক স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক শিৱিৰত নগাধুলীৰ দুটা পৰিয়ালৰ দুটি শিশুক এগৰাকী স্বাস্থ্য কৰ্মীয়ে প্ৰদান কৰিছিল প্ৰতিষেধক বেজী । প্ৰতিষেধক বেজী লোৱাৰ পাছৰ পৰা শিশু দুটি অসুস্থ হৈ পৰা বুলি গুৰুতৰ অভিযোগ উথাপন কৰিছে ভুক্তভোগী পৰিয়াল দুটাই ৷

প্ৰতিষেধক বেজী দিয়াৰ সময়ত স্বাস্থ্য কৰ্মী গৰাকীয়ে কোনো ধৰণৰ সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ তুলিছে ভুক্তভোগী পৰিয়াল দুটাই ৷ স্বাস্থ্য কৰ্মীগৰাকীয়ে শিশু দুটাক প্ৰতিষেধক বেজী দিয়াৰ কেইমুহূৰ্তমানৰ পিছতেই শিশু দুটাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ হয় আৰু ইয়াৰ পিচতেই ভুক্তভোগী দুয়োটা পৰিয়ালৰ তৰফৰ দুয়োটা শিশুকে উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় ।

আনহাতে, উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়াল দুটাৰ তৰফৰ পৰা মৰিয়নীৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকক অৱগত কৰোৱা হয় যদিও বৰ্তমান পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে ৷ তাৰ পিছতেই শিশু দুটাক প্ৰতিষেধক বেজী দিয়া স্বাস্থ্য কৰ্মীগৰাকীয়ে ভুক্তভোগী পৰিয়ালৰ বাসগৃহত উপস্থিত হোৱাৰ লগতে তেওঁৰ ভুল স্বীকাৰ কৰে বুলি পৰিয়াল দুটাই জানিবলৈ দিয়ে ৷

স্বাস্থ্য কৰ্মীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত ল'বলৈ স্বাস্থ্য বিভাগলৈ আহ্বান জনায় ভুক্তভোগী পৰিয়াল দুটাই ৷

লগতে পঢ়ক: Rods recovered : জংঘলত লুকাই ৰখা অৱস্থাত উদ্ধাৰ নিৰ্মীয়মান বিদ্যালয়ৰ ৰ’ড, উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.