ETV Bharat / state

মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ লুণ্ঠনৰ পৰা সাৰি নগ'ল কেঞ্চাৰ ৰোগীও - মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান

নিজৰ সন্তানক বিক্ৰী কৰি ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ মহিলাক হেঁচা প্ৰয়োগ কৰিলে মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে ৷ গৰজি উঠিল টীয়কৰ মহিলা সমাজ ৷

মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ওলাই আহিল মহিলা সমাজ
author img

By

Published : Oct 30, 2019, 11:51 PM IST

টীয়ক , 30 অক্টোবৰঃ কাঠফুলৰ দৰে বৃদ্ধি পাই অহা মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ লুণ্ঠনৰাজৰ পৰা গাঁৱৰ বহু পৰিয়ালে সৰ্বস্ব হেৰুৱাই পেলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷ গাঁৱৰ মহিলা সকলক লৈ এই বিত্তীয় প্ৰতিষ্ঠান সমূহে ১০-১৫ জনীয়া গোট গঠন কৰি অতি সহজতে ঋণ প্ৰদান কৰে আৰু সহজলভ্য ধনৰ লোভত কিছু পৰিয়ালে ঘৰৰ আচবাব, টিভি, কাঁহী-বাতি বিক্ৰী কৰি পৰৱৰ্তী পৰ্যায়ত পৰিশোধ কৰিব লগা হয় ঋণসমূহৰ কিস্তি ৷

এই মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহৰ হাতৰ পৰা পৰিত্ৰাণ পাবৰ উদ্দেশ্যে আজি যোৰহাট জিলাৰ টীয়কৰ বনাই ৰবিবৰুৱা গাঁও , নপমুৱা, চিন্তামণিগড় আদি বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ মহিলা একগোট হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । মামণি দেৱী, জোনমণি গগৈ, জানমণি বৰুৱাৰ নেতৃত্ব আয়োজন কৰা সভাত পৰৱৰ্তী সময়ত সেই অঞ্চলৰ মহিলাসকলে কোনো মাইক্ৰ'ফিনেন্স প্ৰতিষ্ঠানকে ঋণৰ কিস্তি ঘূৰাই নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, সেই অঞ্চলৰ ৰুণু ভূঞা নামৰ কেঞ্চাৰ ৰোগী এগৰাকীক বন্ধন আৰু উজ্জীৱন নামৰ মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে সন্তান বিক্ৰী কৰি হ'লেও ঋণৰ কিস্তি আদায় দিবলৈ হেঁচা দিছে বুলি অভিযোগ তুলিছে মহিলাসকলে । তদুপৰি আন এটা প্ৰতিষ্ঠানৰ মহিলা কৰ্মচাৰী এগৰাকীয়ে ঋণ আদায় দিব নোৱাৰাত প্ৰতিষ্ঠানটোৱে মহিলাগৰাকীক আত্মহত্যা কৰক বুলি অভব্য আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহৰ ওপৰত চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে সভাত উপস্থিত মহিলা সকলে ৷

মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ওলাই আহিল মহিলা সমাজ

লগতে পঢ়কঃ কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল নুমলীগড়

Intro:Body:মাইক্ৰ'ফাইনেঞ্চৰ লুণ্ঠনত সাৰি নগ'ল কেঞ্চাৰ ৰোগীও/সন্তানক বিক্ৰী কৰি ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ হেচা
TEOK : কাঠফুলৰ দৰে বৃদ্ধি পাই অহা মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ লুণ্ঠনৰাজৰ পৰা বৰ্তমান সময়ত বিশেষকৈ সহজ সৰল গাঁৱৰ বহু পৰিয়ালে সৰ্বস্ব হেৰুৱাই পেলাবলগীয়া পৰিস্হিতি আহি পৰিছে। সহজ সৰল গাঁৱৰ মহিলা সকলক লৈ এই বিত্তীয় প্ৰতিষ্ঠান সমূহে ১০-১৫ জনীয়া গোট প্ৰস্তুত কৰি অতি সহজতে প্ৰদান কৰে ঋণ আৰু সহজলভ্য ধনৰ লোভত গাঁৱৰ পৰিয়াল কিছুমানে ঘৰৰ আজবাব, টিভি, কাঁহী-বাতি বিক্ৰী কৰি পৰৱৰ্ত্তী পৰ্য্যায়ত পৰিশোধ কৰিব লগা হয় ঋণসমূহ কিস্তি। এই মাইক্ৰ'ফাইনেঞ্চসমূহৰ হাতৰ পৰা পৰিত্ৰাণ পাবৰ উদ্দেশ্যে আজি যোৰহাট জিলাৰ টীয়কৰ বনাই ৰবিবৰুৱা গাঁও , নপমুৱা, চিন্তামণিগড় আদি বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ মহিলা একগোট হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। মামণি দেৱী, জোনমণি গগৈ, জানমণি বৰুৱাৰ নেতৃত্ব আয়োজন কৰা সভাত পৰৱৰ্তী সময়ত সেই অঞ্চলৰ মহিলাসকলে কোনো মাইক্ৰ'ফিনেন্সকে ঋণৰ কিস্তি ঘূৰাই নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে সেই অঞ্চলৰ ৰুণু ভূঞা নামৰ কেঞ্চাৰ ৰোগী এগৰাকীক বন্ধন আৰু উজ্জীৱন নামৰ মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে সন্তান বিক্ৰী কৰি হ'লেও ঋণৰ কিস্তি আদায় দিবলৈও হেচা দিয়ে বুলি অভিযোগ তুলিছে মহিলাসকলে।তদুপৰি আন এটা প্ৰতিষ্ঠানৰ মহিলা কৰ্মচাৰী এগৰাকীয়ে ঋণ আদায় দিব নোৱাৰিলে আত্মহত্যা কৰক বুলিও কেঞ্চাৰ ৰোগীগৰাকীক অভব্য আচৰণ কৰিছে বুলি অভিযোগ উঠিছে ।সেয়ে এই মাইক্ৰ'ফাইনেঞ্চ কোম্পানীবোৰক যদি অতি সোনকালে নাকী নলগাই তেন্তে পৰৱৰ্তী সময়ত টীয়ক চক্ৰ বিষয়াৰ কাৰ্যালয়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে সভাত উপস্থিত মহিলাসকলে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.