ETV Bharat / state

অখিল গগৈঃ দুটা দশকৰ সংগ্ৰামী যাত্ৰা

author img

By

Published : Jul 11, 2020, 8:36 PM IST

Updated : Jul 11, 2020, 9:33 PM IST

দুটা দশকৰ আগতে আৰম্ভ হৈছিল এক যাত্ৰাৰ। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল এজন তৰুন প্ৰতিভাৱান নেতাই। কিন্তু সেই জনপ্ৰিয়তাই যেন পৰৱৰ্তী সময়ত কাল হ'ল তেওঁৰ। কি কংগ্ৰেছ,কি বিজেপি শাসনলৈ আহিলেই তেওঁক প্ৰক্ষেপিত কৰে পোতাশাললৈ। তেওঁ কৃষক সংগঠনৰ নেতা অখিল গগৈ...। অখিল গগৈৰ মুক্তি কেতিয়া ? এই প্ৰশ্নৰ উত্তৰলৈ যেন এতিয়া ৰৈ আছে সকলো...

অখিল গগৈঃ দুটা দশকৰ সংগ্ৰামী যাত্ৰা
অখিল গগৈঃ দুটা দশকৰ সংগ্ৰামী যাত্ৰা

যোৰহাট, 11 জুলাইঃ অখিল গগৈৰ সংগ্ৰামী সত্বাৰ বীজ অংকুৰিত হৈছিল কটন কলেজৰ মজিয়াত। ছাত্ৰ বাৰ্তা,অধ্যয়ন চক্ৰৰ যোগেদি তেওঁ আৰু তেওঁৰ একাংশ সহযোগীয়ে আৰম্ভ কৰিছিল সময়,সংশয় আৰু সম্ভাৱনাক বুজি উঠাৰ আখৰা। 1993 চনত অখিল গগৈয়ে কটন মহাবিদ্যালয়ৰ ছাত্ৰ আলোচনী 'কটনিয়ানৰ' সম্পাদক নিৰ্বাচিত হয় । আৰু ইয়াৰ পিছৰ বছৰতে কটনত আধিপত্য চলাই অহা হিমন্ত বিশ্ব শৰ্মাৰ ফৈদক পৰাস্ত কৰি কলেজলৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হয়। কাৰ্যতঃ সেয়াই আছিল অখিল গগৈৰ অন্য এক যাত্ৰাৰ আৰম্ভণি । হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজিও অব্যাহত সংঘাতৰ গুৰিও আচলতে কটনত কলেজৰ দিনৰ সেই সময় যত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ৰাজনীতিৰ অন্ত পেলাবলৈ নতুন চিন্তাৰ উন্মেষ ঘটিছিল।

WHO IS AKHIL GOGOI ? A SPECIAL REPORT OF ETV BHARAT ASSAM
আৰক্ষীয়ে আটক কৰাৰ এটা দৃশ্য
2001 চনৰ পৰা অখিল গগৈৰ নেতৃত্বত আৰম্ভ হয় সামাজিক আন্দোলনৰ এক নতুন পট । 2002 চনৰ জুন মাহত ৰাজ্যত আৰম্ভ হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন। অখিল গগৈ আছিল শতবাৰ্ষিকী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক । ইয়াৰ পিছতে খবৰ আহিল গোলাঘাটৰ টেঙানীত খিলঞ্জীয়া ভূমিহীনক উচ্ছেদৰ খবৰ।
অখিল গগৈঃ দুটা দশকৰ সংগ্ৰামী যাত্ৰা

অসমৰ ইতিহাসত কৃষক বিদ্ৰোহ কিম্বা ভূমিৰ অধিকাৰ আন্দোলন নতুন কথা নহয়। কিন্তু অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে এই টেঙানীৰ পৰা আৰম্ভ কৰিলে ভূমি অধিকাৰ আন্দোলনৰ এক নতুন অধ্যায়ৰ । গঠন কৰা হল-বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতি। তৃনমূল পৰ্যায়ত গঠিত এইটোৱে অখিল গগৈৰ নেতৃত্বৰ প্ৰথম সংগঠন। এই ভূমি অধিকাৰ আন্দোলনৰ সম্প্ৰসাৰনৰ দ্বাৰা দুবছৰ পিছত গঠন কৰা হয় দৈয়াং মুক্তি সংগ্ৰাম সমিতি। আৰু পৰৱৰ্তী পৰ্যায়ত 2005 চনত তেজপুৰত গঠন কৰা হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। এই সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰন সম্পাদক অখিল গগৈ।

দুটা দশকৰ সংগ্ৰামী যাত্ৰা
2005 চনত কেন্দ্ৰীয় চৰকাৰে 'তথ্য জনাৰ অধিকাৰ আইন 2005' বলবৎ কৰাৰ পিছতে এই আইনৰ জড়িয়তে 'ৰাজহুৱা বিতৰণ ব্যৱস্থা' (পি ডি এছ) আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত দুৰ্নীতিৰ কথা পোহৰ লৈ অনাৰ অভিযানত নামি পৰে। এইখিনি সময়তে যুৱ নেতা গৰাকী আৰু তেওঁৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰে। এনে কামৰ বাবে তেওঁ Public Causes Reseach Foundation নামৰ সংস্থা আৰু চি এন এন - আই বি এন সংবাদ গোষ্ঠীৰ দ্বাৰা ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত হয়। ইন্ডিয়া এগেইনষ্ট কৰাপছন আন্দোলনৰ সময়ত অখিল গগৈয়ে অৰবিন্দ কেজৰিবাল আৰু আন্না হাজাৰেৰ একান্ত সহযোগী হিচাবেও আত্মপ্ৰকাশ কৰিছিল।
অখিল গগৈক মুকলি দিয়াৰ আহ্বান মাতৃ প্ৰিয়দা গগৈৰ

যোৱা ডিচেম্বৰ মাহত উত্তপ্ত হৈ উঠা কা বিৰোধী আন্দোলনৰ সময়ত এন আই এ ৰ এক গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হয় অখিল গগৈক। ইয়াৰ পাছত একাধাৰে এটাৰ পাছত আনটো গোচৰ জাপি দি যোৱা সাত মাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখা হৈছে অখিল গগৈ আৰু তেওঁৰ তিনি সহযোগীক। বহু দাবী প্ৰতিবাদৰ পিছতো মুকলি কৰি দিয়া হোৱা নাই কৃষক নেতা গৰাকীক। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ যেন আকোঁৰগোজ । অখিল গগৈ যেন সোণোৱাল চৰকাৰৰ প্ৰধান শত্ৰু,ক্ষমতাশালী বিৰোধী । কিন্তু একে সময়তে এই কথাও সত্য যে তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ শেষৰ দুই কাৰ্যকালত চৰকাৰ খনৰ সমানেই দোষৰ বলি হৈছিল অখিল গগৈ। তৃতীয়টো কাৰ্যকাল আৰম্ভ হোৱাৰ এটা মাহৰ পিছতে,2011 চনৰ 22 জুনৰ দিনা দিছপুৰতে অখিল গগৈৰ প্ৰতিবাদী মিলিত যোৱা নাবালক ৰহুল আলীক আৰক্ষীয়ে গুলিয়াই হত্যা কৰিছে,যাৰ বিচাৰ আজিও নহ'ল। কংগ্ৰেছৰ শাসনৰ সময়ত অখিল গগৈক পাঁচবাৰ কৈ কাৰাবন্দী কৰা হৈছে, অমানুষিক অত্যাচাৰ কৰা হৈছে। সেই সময়ত অখিল গগৈৰ সমৰ্থন লৈ লোকসভাৰ নিৰ্বাচনত (2009) অৱতীৰ্ণ হৈছে বিজেপিৰ নেতা। অখিল গগৈয়ে মুকলিকৈ সমৰ্থন কৰিছে কামাখ্যা প্ৰসাদ টাছাকে ধৰি কেইবাজনো নেতাৰ প্ৰাৰ্থীত্ব। আৰু এতিয়া সেই অখিল গগৈয়ে সোণোৱাল চৰকাৰৰ প্ৰধান শত্ৰু ।

এক সংগ্ৰামী সত্বাৰ নাম অখিল গগৈ

লগতে চাওকঃ চিৰাঙত বানাক্ৰান্তৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

Last Updated : Jul 11, 2020, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.