ETV Bharat / state

যোৰহাটত সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

author img

By

Published : May 11, 2021, 8:53 PM IST

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটত সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ ৷ ঘৰে ঘৰে শাক-পাচলি বিক্ৰী অনুমতি প্ৰদান প্ৰশাসনৰ ৷

weekly-market-will-be-close-in-jorhat-due-to-covid
যোৰহাটত সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

যোৰহাট,11 মে': ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটত সাপ্তাহিক বজাৰ বন্ধৰ ৰখাৰ নিৰ্দেশ যোৰহাট প্ৰশাসনৰ ৷ ঘৰে ঘৰে শাক-পাচলি বিক্ৰীৰ অনুমতি প্ৰদান জিলা প্ৰশাসনৰ ৷ জিলাখনত দৈনিক বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে যোৰহাটত আক্ৰান্তৰ সংখ্যাই হাজাৰ ঘৰ স্পৰ্শ কৰা দিশত আগবাঢ়িছে । মৃতকৰ সংখ্যা শতকৰ ঘৰৰ নিচেই কাষত ৷

weekly market will be close in jorhat due to covid

সমগ্ৰ জিলাখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা ৮৯৪ গৰাকী আৰু মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ৯২ গৰাকী ৷ সেয়েহে যোৰহাট জিলা প্ৰশাসনে বৰ্তমান চলি থকা নৈশ সান্ধ্য আইন আৰু দিনৰ দুই বজাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ উপৰিও মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলাখনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ৷ ইপিনে, জনসাধাৰণৰ সুবিধা হোৱাকৈ পূৰ্বৰ দৰে ঘৰে ঘৰে শাক-পাচলি বিক্ৰী কৰা অনুমতি প্ৰদান কৰা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক : চিৰাঙত বজ্ৰ পৰি এজন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.