যোৰহাট,২৫ জানুৱাৰী : বছৰ বছৰ ধৰি অসমৰ চহৰাঞ্চলৰ ৰাইজে খোৱাপানীৰ সমস্যাত ভুগি আহিছে (Drinking water problem in Assam)। গুৱাহাটীকে ধৰি যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদি চহৰাঞ্চলৰ ৰাইজৰ এই সমস্যা সমাধানত ব্যৰ্থ হৈছে চৰকাৰ । এইবাৰ যোৰহাটত পৌৰ নিগম দায়িত্বহীনতাৰ বাবে ৰাইজে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগৰ অকৰ্মণ্যতাৰ হাহাকাৰ অৱস্থা যোৰহাট নগৰত (Water crisis in Jorhat)।
যোৰহাটৰ চৰকাৰী বিভাগসমূহৰ সমন্বয়হীনতা তথা একাংশ বিষয়া-কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবেই পুনৰ এবাৰ পুতৌজনক ছবিখন পোহৰলৈ আহিছে । যাৰ বাবে যোৰহাট নগৰৰ এটি বৃহৎ অঞ্চলৰ লোকসকল খোৱাপানী লাভৰ পৰা বঞ্চিত হৈছে । অভিযোগ অনুসৰি যোৰহাট পৌৰ নিগমৰ একাংশ বিষয়াৰ চূড়ান্ত অকৰ্মণ্যতা তথা দায়িত্বহীনতাৰ ফলত নগৰৰ জেইল ৰোডৰ বৃহৎ অঞ্চলটোত যোৱা এসপ্তাহ ধৰি পানী যোগান বন্ধ হৈ আছে (No water supply in Jorhat)।
আনকি অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো পানীৰ নাটনি হৈছে । গা ধোৱা, কাপোৰ ধোৱাটো দূৰৰে কথা খোৱাপানীও নাই অঞ্চলটোত । দৈনিক হাজাৰ হাজাৰ টকা খৰছ কৰি ৰাইজে পানী ক্ৰয় কৰিব লগা হৈছে ।
আচলতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি থকা সময়তে সোণাৰি গাঁও নগৰীয়া পানী যোগান আঁচনিৰ পৰা জেইল ৰোডলৈ পানী পৰিবহণ কৰা পাইপডাল নষ্ট হয় । ফলত এই পাইপেৰে অঞ্চলটোলৈ পানী যোগান বন্ধ হৈ পৰে । লোক নিৰ্মাণ বিভাগে উক্ত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে বহুবাৰ এই সন্দৰ্ভত যাৱতীয় পদক্ষেপ ল'বলৈ পৌৰ নিগম কৰ্তৃপক্ষক অৱগত কৰিছিল বুলি জানিব পৰা গৈছে (Negligence of Jorhat Municipality)।
কিন্তু পৌৰ নিগম কৰ্তৃপক্ষই বিষয়টোত বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰাত এই ঘটনা সংঘটিত হয় । যাৰ ফলত বিগত এসপ্তাহত ধৰি অঞ্চলটোলৈ পানী যোগান বন্ধ হৈ পৰে । ইফালে পৌৰ নিগমৰ পৌৰপতি তথা কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি লোক নিৰ্মাণ বিভাগে আগতীয়াকৈ কোনো অনুমতি নোলোৱাকৈ ৰাজপথত গাঁত খান্দিছে । যাৰ বাবে পানী যোগানৰ বাবে থকা পাইপডাল নষ্ট হৈছে । ভুল যাৰে নহওক কিন্তু ইয়াৰ ফল ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে ।
ৰাইজে অভিযোগ কৰা মতে বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰ নিগমত এতিয়া অৰাজকতা চলিছে । একাংশ বিষয়াই মইমতালিৰে কাম কৰাৰ ফলত যোৰহাট নগৰৰ ৰাইজে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । বিশেষকৈ খোৱাপানীৰ সমস্যা যোৰহাট নগৰৰ ৰাইজৰ এক প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈছে । পানী যোগান আঁচনিৰ কাম চলি আছে যদিও সেই কাম লেহেমীয়া গতিত চলি থকাৰ অভিযোগ উঠিছে যাৰ বাবে জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজে ।
লগতে পঢ়ক :Poor transportation and electricity systems: লখিমপুৰ চহৰৰ গাতে লাগি থকা উন্নয়নৰ মুখ নেদেখা এখন গাঁও