ETV Bharat / state

মৰণৰ বান : বিদাৰি গ'ল বন্যাৰ্তৰ হিয়া ! - ETV_BHARAT

বানত একাকাৰ হৈছে বন্যাৰ্তৰ চকুলো ৷ সংহাৰী বানে কৰিছে  কঙাল আৰু থলবিহীন ৷ বানৰ বাবে কৰবাত যদি চোতালতে মৃতদেহ সৎকাৰ কৰিছে, কৰবাত পথৰ ওপৰতে পাতিব লগীয়া হৈছে আদ্য শ্ৰাদ্ধ ৷ ভোগদৈৰ বাঢ়নী পানীয়ে বুৰাইছে যোৰহাট ৷

বিদাৰি গ'ল বন্যাৰ্তৰ হিয়া
author img

By

Published : Jul 30, 2019, 7:32 PM IST

বানৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে উত্তৰ-পশ্চিম যোৰহাটৰ অঞ্চলবাসী ৷ যোৰহাটৰ ৰান্ধনী জানত পথৰ ওপৰতে শ্ৰাদ্ধ পাতিব লগীয়া হৈছে নৰেন দত্ত নামৰ লোকজনৰ ৷ বাঢ়নী পানীয়ে ঘৰৰ লগতে চোতাল বুৰাই পেলোৱাত উপায়ন্তৰ হৈ এই সিদ্ধান্ত ল'লে লোকজনৰ পৰিয়ালে ৷ মৃতকৰ আত্মাৰ সদগতিৰ বাবে এইদৰে পথৰ ওপৰতে আদ্য শ্ৰাদ্ধ পাতিব লগীয়া দৃশ্য সঁচাকৈয়ে মৰ্মান্তিক ৷

বানৰ দুখৰীয়া ছৱি।।বান বাবে আদ্যস্বাৰ্ধ পথৰ ওপৰত।।

বানপানীৰ বাবেই হাহাকাৰ অৱস্থা ৰাজ্যবাসী।বানে ধুৱা এখন ছৱীয়ে স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে যোৰহাটত।উত্তৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চলত এতিয়া বানাক্ৰান্ত লোকৰ পানীত হাহ নচৰাৰ দৰে অৱস্থা।
আৰু কিমান দিনলৈ সহিব লাগিব বান সমস্যা।অসমীয়া মাহ হিচাপে আজি তিনিমাহেই হলহি।কিন্তু পৰিত্ৰাণ পোৱা নাই ৰাইজে বানৰ পৰা।বাৰে বাৰে ভোগদৈৰ বাঢ়নী পানীয়ে ধোৱাই নিয়া অঞ্চলৰ ৰাইজৰ অপেক্ষা মাথো খৰালিলৈ।কাৰণ খৰালি কালতহে মালৌখাতৰ ভৌগদৈৰ ছিগা অংশ মেৰামতি কৰিব পাৰিব।

উত্তৰ পশ্চিম যোৰহাটৰ ৰান্ধনী জান অঞ্চলৰ স্বগীয় নৰেন দত্তৰ আজি দহাকাজ।কিন্তু বানৰ পানীৰে ঘৰৰ ভিতৰৰ লগতে চোতাল খন বুৰাই পেলোৱাৰ বাবেই উপায় বিহীন হৈ আদ্যস্বাৰ্ধ পালন কৰিলে পথৰ ওপৰতে।মৃতকৰ আত্মাৰ শান্তি বাবেই কৰিব লগীয়া ৰাজহুৱা কৰ্মৰাজিৰ পথৰ ওপৰত পাতিব লগিয়া অৱস্থাই স্পষ্ট কৰিছে উত্তৰ পশ্চিম যোৰহাটত ভৌগদৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বিভিষিকাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.