ETV Bharat / state

যোৰহাটৰ এ এছ টি চি বাছ আস্থানৰ পুখুৰীসদৃশ ৰূপ, যাত্ৰী-চালকৰ হাৰাশাস্তি

যোৰহাটৰ এ এছ টি চি বাছ আস্থানত কেৱল বোকা আৰু পানী ৷ যান-বাহন ৰখোৱাৰ বাবে এতিয়া বাছ আস্থানটোত উপযুক্ত স্থানৰ অভাৱ ৷ এইটো আস্থানৰ পৰা মেজিক,বাছ চলাচল কৰে দেৰগাঁও, তিতাবৰ, টীয়ককে ধৰি বিভিন্ন অঞ্চললৈ

যোৰহাটৰ এ এছ টি চি বাছ আস্থানৰ পুখুৰীসদৃশ ৰূপ
author img

By

Published : May 20, 2019, 12:57 PM IST

যোৰহাট, 20 মে’: পুখুৰী সদৃশ হৈ পৰিছে যোৰহাটৰ এ এছ টি চি বাছ আস্থান ৷ বাছ আস্থানটোত কেৱল বোকা আৰু পানী ৷ যান-বাহন ৰখোৱাৰ বাবে এতিয়া বাছ আস্থানটোত উপযুক্ত স্থানৰ অভাৱ ৷ অসম ৰাজ্যিক পৰিবহন বিভাগৰ এই আস্থানটোৰ পৰাই জিলাখনৰ দেৰগাঁও,তিতাবৰ, টীয়ককে ধৰি বিভিন্ন অঞ্চললৈ মেজিক,বাছ আদি চলাচল কৰে। কিন্তু যোৰহাটৰ নগৰৰ মাজ মজিয়াত অৱস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা আস্থানটোত পুখুৰী সদৃশ গাত আৰু বোকা-পানীৰে পৰিপূৰ্ণ হৈ থকাত বাহন চলাচল কৰিবলৈ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ৷ আনহাতে,নিয়মীয়াকৈ মাচুল সংগ্ৰহ কৰাৰ পাচতো কৰ্তৃপক্ষই যাত্ৰীসকলৰ সুবিধা হোৱাকৈ আস্থানটো নিৰ্মাণ নকৰাৰ অভিযোগ একাংশৰ ৷

যোৰহাট এছ টি চি আস্হানৰ কৰ্দয্য ৰূপ।।দূৰ্ভূগ ভোগিছে যাত্ৰীয়ে।।

অসম ৰাজ্যিক পৰিবহন বিভাগৰ যোৰহাট আস্হানৰ কৰ্দয্য ৰূপে যাত্ৰীৰ লগতে বাহনৰ গৰাকী।সকলকো ব্যাপক অসুবিধা সৃষ্টি কৰিছে।যোৰহাটৰ নগৰৰ মাজ মজীয়াত অৱস্থিত জিলা উপায়ুক্ত কায্যলয় সন্মুখত থকা আস্হান খনৰ পুখুৰী সদৃশ গাতত বোকা-পানীৰে পৰিপূৰ্ণ হৈ থকাত বাহন চলাচল কৰিবলৈ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।বৰ্তমান এনে অৱস্থা পাইছে গৈ যে পানীৰে পৰিপূৰ্ণ হৈ থকা আস্হানটোত বাহন সমূহৰ মাজত দূৰ্ঘটনা ও সংঘটিত হৈছে।উল্লেখযোগ্য যে এই আস্হান ৰ পৰা যোৰহাট নগৰলৈ দেৰগাঁৱ,তিতাবৰ, টিয়ক কে ধৰি বিভিন্ন অঞ্চল লৈ মেজিক,বাছ আদি চলাচল কৰে।আনহাতে নিয়মীয়াকৈ মাচুল সংগ্ৰহ কৰাৰ পাছতো কতৃপক্ষই যাত্ৰী সকলৰ সুবিধা হোৱাকৈ আস্হানটো নিৰ্মাণ নকৰাত দূৰ্ভূগ ভোগাত জিলাখনত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.