যোৰহাট, ২৮ ছেপ্টেম্বৰ : যোৰহাটত কাৰ পাৰ্কিংস্থলীত জ্বলন্ত অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ (burned dead body recovered at Jorhat car parking) । উক্ত ব্যক্তিজনক জীৱন্তে জ্বলাই দি হত্যা কৰাৰ সন্দেহ কৰা হৈছে । যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই অমানৱীয় ঘটনা । অৰ্ধনিমিত তথা পৰিত্যক্ত অৱস্থাত থকা যোৰহাটৰ বহু মহলীয়া কাৰ পাৰ্কিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহটো ।
স্থানীয় কোনো লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি যোৰহাট সদৰ আৰক্ষীক খবৰ দিয়ে । উক্ত ব্যক্তিজনক জীৱন্তে জ্বলাই হত্যাৰ সন্দেহ কৰা হৈছে (people suspected murdered by burnt) । আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জ্বলন্ত অৱস্থাত থকা মৃতদেহটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । অৱশ্যে বাতৰি লিখা পৰলৈকে মৃত ব্যক্তিজনৰ পৰিচয় উদ্বাৰ কৰিব পৰা নাই ।
ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি তদন্ত অব্যাহত ৰাখিছে । কোনে, কিয়, কি কাৰণত ব্যক্তিজনক জীৱন্তে জ্বলাই হত্যা কৰিলে তাকে লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া তথা চৰ্চা চলি আছে । উল্লেখ্য যে উক্ত ঘটনাটো সংঘটিত হৈছে যোৰহাট সদৰ থানাৰ নিচেই কাষতে (Suspicious murder at Jorhat car parking) ।
সেয়ে প্ৰশ্ন উত্থাপিত হৈছে যে জনসাধাৰণৰ সেৱা অৰ্থে উৎসৰ্গিত যোৰহাট আৰক্ষীয়ে আইন-শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হৈছে নেকি ? উল্লেখযোগ্য যে যোৰহাট চহৰৰ মাজমজিয়াত বহু মহলীয়া কাৰ পাৰ্কিং অৰ্ধনিমিত অৱস্থাত বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি থকা বাবে একাংশ লোকে উক্ত স্থানত অসামাজিক কাৰ্যকলাপত লিপ্ত হয় (unknown person dead body recovered in Jorhat) ।
মদ, ভাং, ড্ৰাগছ আদি সেৱনৰ আড্ডাস্থলী হৈ পৰিছে উক্ত অৰ্ধনিৰ্মিত অৱস্থাত থকা পাৰ্কিংস্থলী । উক্ত স্থান যেন একাংশ লোকৰ বাবে অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে । এই অসমাজিক কাৰ্যকলাপৰ ফলতে এনেধৰণৰ অমানৱীয় ঘটনা সংঘটিত হোৱা বুলি সচেতন ৰাইজে দাবী কৰে । আনহাতে, এগৰাকী ব্যক্তিক এনেদৰে জীৱন্তে জ্বলাই হত্যা কৰাত সন্দেহ উপজিছে ।
বৰ্তমান এই ঘটনাই সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আনহাতে, কোনোবা দুষ্টচক্ৰই ব্যক্তিজনক জীৱন্তে জ্বলাই উক্ত কাৰ পাৰ্কিংস্থলীত পেলাই থৈ গৈছে নেকি, এই সকলোবোৰ আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে পোহৰলৈ আহিব ।
লগতে পঢ়ক :বান্ধবীৰ ঘৰত কিতাপ পত্ৰ থৈ সন্ধানহীন কলগাছিয়াৰ এগৰাকী ছাত্ৰী