ETV Bharat / state

চৰাইদেউৰ পৰা দিল্লীলৈ পদযাত্ৰা জে এন ইউৰ ছাত্ৰীৰ - পৰিৱেশ সংৰক্ষণৰ বাবে নিজৰা ফুকনৰ পদযাত্ৰা

পৰিৱেশ সম্পকীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা আৰম্ভ কৰিছে জে এন ইউৰ গৱেষক ছাত্ৰী নিজৰা ফুকনে । দেওবাৰে চৰাইদেউৰ পৰা ঐতিহাসিক জয়সাগৰ পুখুৰীলৈকে সুদীৰ্ঘ ৩৫ কিমি পথ পদযাত্ৰা কৰি সোমবাৰে সন্ধিয়া টীয়কত উপস্থিত হয় ছাত্ৰীগৰাকী ৷

টীয়ক
চৰাইদেউৰ পৰা দিল্লীলৈ পদযাত্ৰা জে এন ইউৰ ছাত্ৰীৰ
author img

By

Published : Dec 2, 2019, 11:53 PM IST

টীয়ক, 2 ডিচেম্বৰঃ পৰিৱেশ সম্পকীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা আৰম্ভ কৰিছে জে এন ইউৰ গৱেষক ছাত্ৰী নিজৰা ফুকনে । সোমবাৰে বিয়লি টীয়কত উপস্থিত হয় ছাত্ৰীগৰাকী । মাহমৰা সমষ্টিৰ এই ছাত্ৰীগৰাকীয়ে বৃক্ষ বন্ধু নামৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰখনত কাম কৰি থকা এটি অগ্ৰণী সামাজিক অনুষ্ঠানৰ উদ্যোগত তথা অসম চৰকাৰৰ সমৰ্থনত অসমৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰাৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ।

চৰাইদেউৰ পৰা দিল্লীলৈ পদযাত্ৰা জে এন ইউৰ ছাত্ৰীৰ

দেওবাৰে চৰাইদেউ পৰা ঐতিহাসিক জয়সাগৰ পুখুৰীলৈকে সুদীৰ্ঘ ৩৫ কিমি পথ পদযাত্ৰা কৰি সোমবাৰে সন্ধিয়া টীয়কত উপস্থিত হয় ছাত্ৰী গৰাকী । অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ, জগদুৱা ব্যৱসায় স্থানকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনে নিজৰাৰ এই কৰ্মৰাজিক সমৰ্থন জনোৱাৰ উদ্দেশ্যে আদৰণি জনাই আৰু অনাগত দিনত সকলোৱে নিজৰাক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

উল্লেখ্য যে, এই গতিত পদযাত্ৰা কৰি থাকিলে মুঠ ৯০ দিনত ছাত্ৰী গৰাকীৰ গন্তব্য স্থান পাব বুলি আশাবাদী । লগতে পৰিৱেশ সম্বন্ধীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সাতদফীয়া স্মাৰক পত্ৰ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু পৰিশ মন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে ছাত্ৰীগৰাকীয়ে ।

Intro:Body:চৰাইদেউৰ পৰা দিল্লীলৈ পদযাত্ৰা কৰিবলৈ লোৱা নিজৰা ফুকন টীয়কত
TEOK:পৰিবেশ সম্পকীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা আৰম্ভ কৰিছে জে এন ইউৰ গৱেষক ছাত্ৰী নিজৰা ফুকনে।আজি বিয়লি টীয়কত উপস্থিত হয় ছাত্ৰীগৰাকী।মাহমৰা সমষ্টিৰ এই ছাত্ৰীগৰাকীয়ে বৃক্ষ বন্ধু নামৰ পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰখনত কাম কৰি থকা এটি অগ্ৰণী সামাজিক অনুষ্ঠানৰ উদ্যোগত তথা অসম চৰকাৰৰ সমৰ্থনত অসমৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত পৰিবেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰাৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে নিজৰাই।কালি চৰাইদেউ পৰা ঐতিহাসিক জয়সাগৰ পুখুৰীলৈকে সুদীৰ্ঘ ৩৫ কিমি পথ পদযাত্ৰা কৰি আজি সন্ধিয়া টীয়কত উপস্থিত হয়হি।অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ,জগদুৱা ব্যৱসায় সন্হাকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনে নিজৰাৰ এই কৰ্মৰাজিক সমৰ্থন জনোৱাৰ উদ্দেশ্যে আদৰণি জনাই আৰু অনাগত দিনত সকলোৱে নিজৰাক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে।উল্লেখযোগ্য যে এই গতিত পদযাত্ৰা কৰি থাকিলে মুঠ ৯০ টা দিনত তেওঁ গন্তব্য স্থান পাব বুলি আশাবাদী।লগতে পৰিবেশ সম্বন্ধীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সাতদফীয়া স্মাৰক পত্ৰ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু পৰিবেশ মন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে ছাত্ৰীগৰাকীয়ে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.