ETV Bharat / state

ফুটবল খেল অনুষ্ঠিত কৰি জন্মদিন উদযাপন

author img

By

Published : Aug 5, 2021, 12:42 PM IST

বৰ্তমান জন্মদিন বুলি বহু লোকেই কেক কটা পৰ্বৰ পৰা আৰম্ভ কৰি ধন ব্যয় কৰি ডাঙৰ অনুষ্ঠান আয়োজন কৰি ভাল পায় । অৱশ্যে, অনুষ্টুপীয়াকৈও ওপজা দিনটো পালন কৰে বহু লোকে । কণ কণ শিশুৰ জন্মদিন বুলিলে প্ৰথমেই মনলৈ আহে এনে এটা পৰিৱেশ য'ত ৰং-বিৰঙী বেলুন, শিশুৰ পছন্দৰ খাদ্য আদি থাকে । কিন্ত এই সকলোবোৰৰ পৰিৱৰ্তে এক ব্যতিক্ৰমী ধৰণে নিজৰ জন্মদিন উদযাপন কৰিলে যোৰহাটৰ এটি শিশুৱে ।

unique brithday celebration at Jorhat
ফুটবল খেল অনুষ্ঠিত কৰি জন্মদিন উদযাপন

যোৰহাট, ৫ আগষ্ট: নিজৰ জন্মদিনটো মনে বিচৰা ধৰণে উদযাপন কৰি সকলোৱে ভাল পায় । সকলোৰে ৰুচিও বেলেগ বেলেগ । কোনোৱে যদি পাৰ্টী কৰি ভাল পায়, কোনোৱে আকৌ ঈশ্বৰৰ আশিস লৈ নতুন আৰম্ভণি কৰিব বিচাৰে । কিন্তু এইবোৰৰ পৰিৱৰ্তে এইবাৰ যোৰহাটৰ এটি কণমানিয়ে ব্যতিক্ৰমী ধৰণে পালন কৰিলে নিজৰ জন্মদিন ।

যোৰহাট নাওবৈছাৰ কল্যাণী খেল পথাৰত ফুটবল খেল অনুষ্ঠিত কৰি জন্মদিন উদযাপন কৰিলে কুলদীপ বৰা নামৰ কণমানিটোৱে । কুলদীপ সংবাদ কৰ্মী বিনন্দ বৰা আৰু বৰ্ণালী দত্ত বৰাৰ একমাত্ৰ সন্তান । কুলদীপৰ জন্মদিনত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰা হয় ।

unique brithday celebration at Jorhat
ফুটবল খেল অনুষ্ঠিত কৰি জন্মদিন উদযাপন

খেলখনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় । কুলদীপে খেলুৱৈসকলক নিজহাতে মানপত্ৰসমূহ প্ৰদান কৰে ।

লগতে তেওঁলোকক লঘু আহাৰো খাবলৈ দিয়া হয় । আনহাতে, ব্যতিক্ৰমী ধৰণে জন্মদিন উদযাপন কৰাক লৈ সকলোৱে কুলদীপ আৰু তেওঁৰ পিতৃ-মাতৃক প্ৰশংসা কৰিছে । কিয়নো, এনে ধৰণৰ পদক্ষেপে কণ কণ শিশুৰ মনত নিজৰ জন্মদিনটোত ইতিবাচক কাম কৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে ।

লগতে জাকজমকতাৰে জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে নিজৰ লগতে আন শিশুৰ কল্যাণ হোৱাকৈ কাম কৰিবলৈ শিশুসকলক উৎসাহিত কৰে এনে ধৰণৰ পদক্ষেপে । আনহাতে, ফুটবল খেলখনত অংশগ্ৰহণ কৰি অঞ্চলটোৰ আন আন শিশুসকলেও আনন্দিত হৈ পৰে । পুত্ৰৰ জন্মদিন এনেদৰে উদযাপন কৰিবলৈ পাই কুলদীপৰ পিতৃ-মাতৃয়েও সন্তুষ্টি ব্যক্ত কৰিছে ।

লগতে পঢ়ক:কলিয়াবৰত ক'ভিড মুক্ত ৯ খনকৈ চাহ বাগিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.