ETV Bharat / state

আলফা স্বাধীনে মুকলি কৰিলে অপহৃত ৰিতুল শইকীয়াক

author img

By

Published : May 22, 2021, 9:27 AM IST

Updated : May 22, 2021, 10:00 AM IST

বৰ্তমান ৰিতুলক মুক্তি লাভ কৰা স্থানৰ পৰা মন জিলাৰ আসাম ৰাইফলছৰ কেম্পলৈ আনি থকা হৈছে ৷ তাতে ৰিতুলক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত শিৱসাগৰলৈ অনা হ’ব ৷

ulfa (i) released ongc employee Ritul Saikia
স্ব ভূমিত উপস্থিত অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল

নিউজ ডেস্ক, 22 মে’ : অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিলে ৰিতুল শইকীয়াক ৷ শনিবাৰে পুৱা ৭ বজাত ভাৰত-ম্যানমাৰৰ মন জিলাৰ লংৱাত আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক আৰু ৭.১০ বজাত ভাৰতত প্ৰৱেশ কৰে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া । ৰিতুল শইকীয়াই ম্যানমাৰৰ পৰা পদযাত্ৰা কৰি নাগালেণ্ডত উপস্থিত হয় ৷

আলফা স্বাধীনে মুকলি কৰিলে অপহৃত ৰিতুল শইকীয়াক

ৰিতুল শইকীয়াৰ মুক্তিৰ খবৰ পাই উৎফুল্লিত হৈ পৰিছে পত্নী তথা পৰিয়াল ৷ ৰিতুল শইকীয়াৰ ভাতৃয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমান ৰিতুলক মুক্তি লাভ কৰা স্থানৰ পৰা মন জিলাৰ আসাম ৰাইফলছৰ কেম্পলৈ আনি থকা হৈছে ৷ তাতে ৰিতুলক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত শিৱসাগৰলৈ অনা হ’ব ৷ ৰিতুলক মুকলি কৰি দিয়াৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে পৰিয়ালৰ লোকে ।

উল্লেখ্য যে, ২১ এপ্ৰিলৰ নিশা লাকুৱা তৈলক্ষেত্ৰৰ পৰা আলফা স্বাধীনে আন দুগৰাকী সতীৰ্থৰ সৈতে অপহৰণ কৰিছিল ৰিতুল শইকীয়াক । কিন্তু নাগালেণ্ডত সেনা-আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত বাকী দুজন সদস্যক এৰি ৰিতুল শইকীয়াক লৈ পলায় কৰে আলফাৰ দলটো ৷ তাৰ পাচৰে পৰা কোনো শুংসূত্ৰ নাছিল ৰিতুল শইকীয়াৰ ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জড়িয়তে ৰিতুলই শইকীয়াক মুকলি কৰি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল । মুখ্যমন্ত্ৰীৰ অনুৰোধক সহাঁৰি জনায় আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই তিনিদিন পূৰ্বে ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?

Last Updated : May 22, 2021, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.