টীয়ক 28 মাৰ্চ : ল’ক ডাউনৰ সময়চোৱাত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষা গ্ৰহণত অন্তৰায়ৰ সৃষ্টি হৈছিল ছাত্ৰ ছাত্ৰী সকলৰ মাজত । বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ল’ক ডাউনে প্ৰভাৱ পেলোৱা উপক্ৰম হৈছে । টীয়কৰ দুই শিক্ষকে অডিঅ'-ভিডিঅ'ৰ মাধ্যমৰে শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰী সকলক এই ল’ক ডাউনৰ সময়তো শিক্ষা গ্ৰহণত যাতে বাধাৰ সৃষ্টি নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ বিষয় শিক্ষক টীয়ক সোণাৰী গাঁৱৰ ৰন্টু বৰুৱাই নিজ বিদ্যালয়ৰ নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমাজ বিজ্ঞান আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অৰ্থনীতি বিষয়ত পাঠৰ ভিডিঅ' প্ৰস্তুত কৰি ৱাটছেপ গ্ৰুপ খুলি প্ৰেৰণ কৰিছে আৰু তাতে প্ৰশ্ন উত্তৰ শিতানৰো ব্যৱস্থা গ্ৰহণ কৰিছে ।
ইপিনে টীয়ক জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ মনোজ বৰাৰ লগতে অন্যান্য শিক্ষক সকলেও বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন বিষয়ত অনুৰূপ ধৰণে পাঠ দান কৰি আহিছে । নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো বন্ধৰ সময়ছোৱাত এই সকল শিক্ষকে অশেষ কষ্টেৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপত এতিয়া অভিভাৱক তথা সচেতন ৰাইজে প্ৰশংসা কৰিছে ৷ এইসকল শিক্ষকৰ জড়িয়তে অসমৰ শিক্ষা খণ্ডত নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা কৰিছে।
লগতে পঢক :কৰ’ণা ভাইৰাছ বনাম ৰঙালী বিহু !