তিতাবৰ, 20 এপ্ৰিল : আলফা(স্বা) ৰ নামত ধন দাবী কৰি আটক দুই যুৱক(Two persons detained for demanding money) ৷ তিতাবৰ আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱকদ্বয় হৈছে ক্ৰমে জিণ্টু হাজৰিকা আৰু অনিল মানকী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত 6 এপ্ৰিলত মহিমাবাৰীৰ অজিত শইকীয়া নামৰ এজন ব্যক্তিক ধন দাবী কৰিছিল দুই যুৱকে ৷ ব্যক্তিগৰাকীক হোৱাটছ এপযোগে(Demanding money through whats app) যোগাযোগ কৰি প্ৰায় 2.50 লাখ টকা দাবী কৰে দুজনীয়া যুৱকৰ দলটোৱে ৷ তদুপৰি এই ধন দুটা কিস্তিত দিবলৈ অজিত শইকীয়াক নিৰ্দেশ দিয়ে ৷
পৰৱৰ্তী সময়ত অজিত শইকীয়াক দাবী কৰা ধনৰ প্ৰথম কিস্তি হিচাপে 8 এপ্ৰিলৰ সন্ধিয়া 1.50 লাখ টকা ব্যক্তিগৰাকীৰ ঘৰৰ বাথৰুমত ওলোমাই ৰাখিবলৈ যুৱক দুজনে নিৰ্দেশ দিয়ে ৷ ব্যক্তিগৰাকীয়ে যুৱক দুনৰ নিৰ্দেশ অনুসৰি টকাখিনি বাথৰুমত থোৱাৰ পিছত তেওঁলোকে তাৰ পৰা ধনখিনি লৈ উধাও হয় ৷
লগতে চাওক: Fake anti corruption officer : ভুৱা পৰিচয়েৰে ধন দাবী কৰা স্বামী-স্ত্ৰী আটক
তদুপৰি বাকী থকা ধনখিনি 28 এপ্ৰিলৰ ভিতৰত দিবলৈ অজিত শইকীয়াক নিৰে্দশ দিয়ে যুৱক দুজনে ৷ যদিহে ব্যক্তিগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ধন দিবলৈ অপাৰগ হয়, তেন্তে 5 লাখ টকা যুৱক দুজনক দিব লাগিব বুলি ব্যক্তিগৰাকীক ধমকি প্ৰদান কৰে ৷
আনহাতে, এই ধন দাবীৰ সন্দৰ্ভত অজিত শইকীয়াই আৰক্ষীক যোগাযোগ কৰিলে পৰিয়ালৰ সৈতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে যুৱক দুজনে ৷ কিন্তু উপায়ন্তৰ ব্যক্তিগৰাকীয়ে বিগত 13 এপ্ৰিলত এই সন্দৰ্ভত কাষ চাপে আৰক্ষীৰ আৰু দাখিল কৰে এজাহাৰ ৷ অজিত শইকীয়াৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত চলাই আটক কৰে জিণ্টু হাজৰিকা আৰু অনিল মানকী নামৰ যুৱক দুজনক ৷ সম্প্ৰতি যুৱক দুজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে চাওক: ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল নগা উগ্ৰপন্থী সংগঠনৰ কেডাৰ