টীয়ক, 16 জুলাই: টীয়কৰ উপ ডাকঘৰ আৰু লাহিঙৰ অসম গ্ৰামীণ বিকাশ বেংকৰ দুগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ টীয়কৰ উপ ডাকঘৰ আক্ৰান্ত কৰ্মচাৰী জিন্তু দত্ত নামৰ লোকগৰাকী বিগত সপ্তাহৰ পৰাই ভুগি আছিল শাৰীৰিক অসুস্থতাত ৷ অসুস্থতাৰ বাবে তেওঁ কেইবাদিনো কাৰ্যালয়লৈ যোৱা নাছিল যদিও, যোৱা সোমবাৰে কিছু সময়ৰ বাব গৈছিল কাৰ্যালয়লৈ ৷
আনহাতে লাহিঙৰ অসম গ্ৰামীণ বিকাশ বেংকৰ এম এল গুপ্তা নামৰ লোকগৰাকী আক্ৰান্ত হৈছে COVID-19ত ৷ আক্ৰান্ত লোক গৰাকীৰ ঘৰ ইতিমধ্যে কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা যোৰহাটৰ কালিস্থানত বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, গুপ্তাৰ ককায়েকো আক্ৰান্ত হৈছিল COVID-19ত ৷ ইতিমধ্যে দুয়োটা কাৰ্যালয়ৰে সকলো কৰ্মচাৰীক স্বাৱ পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ লগতে ডাকঘৰটো 14 দিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য বিভাগৰ লোকে ৷ সম্প্ৰতি দুয়োগৰাকী আক্ৰান্ত লোকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে উল্লেখ কৰা অনুসৰি, অসমত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে মুঠ 19754 গৰাকীলৈ ৷ ইয়াৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যা 48 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমানেও 6815 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ৰাজ্যখনত ৷ ইয়াৰ বিপৰীতে 12888 গৰাকী লোকে ইতিমধ্যে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷
লগতে পঢ়ক: হাস্পতালৰ পৰা অমিতাভ বচ্চনৰ টুইট