ETV Bharat / state

Gambler arrest: মৰিয়নী আৰক্ষীৰ জালত দুই জুৱাৰী

author img

By

Published : Feb 12, 2022, 6:37 PM IST

অবৈধ জুৱাৰ বিৰুদ্ধ আৰক্ষীৰ অভিযান অব্যাহত আছে । মৰিয়নীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজনকৈ জুৱাৰীক (Two gamblers arrested in Mariani)। জুৱা খেলি থকা অৱস্থাত দুই কুখ্যাত জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Gambler arrest
মৰিয়নী আৰক্ষীৰ জালত দুই জুৱাৰী

যোৰহাট,১২ ফেব্ৰুৱাৰী : ৰাজ্যত জুৱাৰ দৰে বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ অব্যাহত আছে । ইয়াৰ মাজতে যোৰহাট আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । মৰিয়নীত এইবাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কেইবাজনো জুৱাৰী (Two gamblers arrested in Mariani)।

তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৰিয়নী খেৰমীয়া BOPৰ সমীপত অভিযান চলাই জুৱা খেলি থকা অৱস্থাত দুই কুখ্যাত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । জুৱাৰী কেইজন ক্ৰমে নিউ সোনোৱাল চেৰেলী গাঁওৰ প্ৰাক্তন সেনা জোৱান দীপকণ গগৈ আৰু খেৰমীয়া চাহ বাগিচাৰ ভৌজিল ভুমিজ । জুৱাৰী কেইজনৰ লগতে জুৱা খেলৰ সামগ্ৰী আৰু নগদ ধন জব্দ কৰে আৰক্ষীয়ে ।

মৰিয়নী আৰক্ষীৰ জালত দুই জুৱাৰী

জুৱাৰী কেইজনৰ পৰা এখন মটৰ চাইকেল আৰু দুটা ম'বাইল ফোনো জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে মৰিয়নীৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ অবৈধ জুৱা, ডাবুল গুটিৰ লগতে চাহ বাগিছাৰ সপ্তাহিক বজাৰত কুকুৰা যুঁজৰ নামতো জুৱা খেল চলি অহাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :নগাঁৱত উৎখাত নাৰীদেহ ব্যৱসায়ী চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.