যোৰহাট, ৩১ অক্টোবৰ: অসমীয়া ছবি জগতৰ মহীৰূহ নিপন গোস্বামী আৰু চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ মৃত্যত শোক প্ৰকাশ কৰিছে যোৰহাট পি বি আৰ কেড ব্যৱসায়ী সন্থাই । অসমীয়া ছবি জগতৰ মহীৰূহ নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰ শিল্পী নীলপৱন বৰুৱা এই দুই নমস্য ব্যক্তিৰ সৃষ্টিৰাজি, কৰ্মৰাজি আৰু অসমীয়া সমাজ ব্যৱস্থা তথা ৰাজ্যখনলৈ আগৱঢ়োৱা অনবদ্য অৱদানৰ বিষয়ে সুঁৱৰি দুই মহীৰূহৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tributes to Nipon Goswami Neelpawan Baruah in Jorhat) ।
শনিবাৰে নিশা যোৰহাট নগৰৰ মাজমজিয়াস্থিত পি বি আৰ কেড ব্যৱসায়ীৰ আৱসস্থলীত অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাক শেষ শ্ৰদ্ধা জনাই দুয়োৰে প্ৰতিচ্ছবিত পুস্পাঞ্জলি অপৰ্ণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি প্ৰত্যেকজন ব্যৱসায়ীয়ে শিল্পীদুগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে এক মিনিটৰ মৌন প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ব্যৱসায়ীসকলে কয় যে নিপন গোস্বামীৰ মৃত্যু অসমীয়া ছবি জগতৰ বাবে এক বৃহৎ শূন্যতা(Nipon Goswami dies) । আনহাতে চিত্ৰশিলী নীলপৱন বৰুৱাৰ মৃত্যু অসমবাসী বাবে আন এক অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰে(Neel Pawan Baruah passes away) । উল্লেখযোগ্য যে এটা মাহৰ ভিতৰতে অসমবাসীয়ে বৰপেটা সত্ৰৰ বঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা, অসমীয়া ছৱি জগতৰ মহীৰূহ নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাক হেৰুৱাই শোক বিহ্বল হৈ পৰিছে । একো একোজন উজ্জ্বল নক্ষত্ৰক হেৰুওৱাৰ ফলত অসমবাসীয়ে এক বৃহৎ শূন্যতা অনুভৱ কৰিছে ।
যোৱা ২৭ অক্টোবৰত অসমীয়া ছবি জগতখন উকা কৰি অজান মূলুকলৈ যাত্ৰা কৰিছিল চিৰসেউজ অভিনেতা নিপন গোস্বামীয়ে । মহানগৰীৰ নেমকেয়াৰ হাস্পতালত পুৱা ৯:১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহ নিপন গোস্বামীয়ে ৷ আনহাতে এটা দিনৰ ব্যৱধানত দুটাকৈ বেয়া খবৰে জোকাৰি গ'ল অসমবাসীক । নিপন গোস্বামীৰ পিছে পিছে অনন্তধামলৈ গতি কৰে চিত্ৰশিল্পী নীলপৱন বৰুৱাই । ২৮ অক্টোবৰৰ বিয়লি ৩.১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে (Neel Pawan Baruah died at GMCH) ।
লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা