টীয়ক,13 ডিচেম্বৰ: টীয়কত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ প্ৰাংগনত টীয়কৰ অন্যতম সমাজকৰ্মী পল্লবী গগৈ, ৰেৱত বৰুৱা, দিলীপ হাতীবৰুৱাক আহ্বায়ক হিচাপে লৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ ৰাণী নৰহকে আদি কৰি কেইবাগৰাকীয়ো জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপৰিও বিভিন্ন দল সংগঠনৰ লোক ৷ ইয়াৰ পিছতেই সৰ্বধৰ্মীয় প্ৰাৰ্থনা আগবঢ়াই তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷
লগতে পঢ়ক-কি ক'লে জিএছপিৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী ঘনশ্যাম দাসে ?