ETV Bharat / state

পুত্ৰৰ সন্ধানত অবৰ্ণনীয় জীৱন কটোৱা এগৰাকী আইতা

টীয়কৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী ৷ 1990 চনতে আলফাৰ সৈতে জড়িত থকাৰ অভিযোগত ভাৰতীয় সেনাই আটক কৰা একমাত্ৰ পুত্ৰৰ সন্ধানত আজিও হাবাথুৰি খাই আহিছে বৃদ্ধাগৰাকীয়ে ৷ নিখোজ হৈ থকা পুত্ৰৰ সন্ধান পাবলৈ সক্ষম হ’বনে এইগৰাকী অসহায় মাতৃ বিমলা বৰাই ?

tragic-story-of-an-old-lady-from-teok
এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী
author img

By

Published : Aug 26, 2021, 9:12 PM IST

টীয়ক, 26 আগষ্ট: একমাত্ৰ পুত্ৰক বিচাৰি হাবাথুৰি খাই ফুৰা এগৰাকী বৃদ্ধা আইতা ৷ এইগৰাকী বৃদ্ধাৰ কৰুণ কাহিনীয়ে আপোনাৰো চকু সেমেকাই তুলিব ৷ 1990 চনতে আলফাৰ সৈতে জড়িত থকাৰ অভিযোগত ভাৰতীয় সেনাই আটক কৰাৰ পাচৰে পৰা নিখোজ হৈ আছে বৃদ্ধাগৰাকীৰ একমাত্ৰ পুত্ৰ সন্তান ৷ এই বৃদ্ধাগৰাকীও হৈছে এগৰাকী সেনা জোৱানৰ বিধৱা পত্নী ৷

নাম বিমলা বৰা ৷ টীয়কৰ নিৱাসী বিমলা বৰাৰ স্বামী ভালিৰাম বৰা ভাৰতীয় সেনা বাহিনীত কৰ্মৰত আছিল । এগৰাকী কন্যা আৰু এটা পুত্ৰ সন্তানৰ সৈতে সুখৰ সংসাৰ আছিল দুয়োৰে ৷ কিন্তু আলাফাৰে যোগাযোগ থকাৰ অভিযোগত ধৰি নিয়া হৈছিল পুত্ৰ সন্তানটি চন্দ্ৰ প্ৰকাশক ৷

পুত্ৰৰ সন্ধানত অবৰ্ণনীয় জীৱন কটোৱা এগৰাকী আইতা

কিন্তু বিধিৰ কি বিড়াম্বনা ! পুত্ৰৰ কোনো সন্ধান নাপাই আদালতে আদালতে ঘুৰিও সুফল নোপোৱাত অসহায় হৈ পৰা পিতৃ ভালিৰাম বৰাই দহ বছৰ পূৰ্বেই পুত্ৰক হেৰুওৱাৰ বেদনাত মৃত্যুক সাৱতি ল’বলগীয়া হৈছিল ৷ ইফালে অসহায় বিমলা বৰাৰ কাষত একমাত্ৰ জীয়ৰী আছিল যদিও বিগত কিছু মাহ পূৰ্বে এক মাৰাত্মক ৰোগত আক্ৰান্ত হৈ জীয়ৰীও মাতৃৰ পৰা চিৰদিনৰ বাবে বিদায় মাগে ৷

লগতে পঢ়ক: মুখাশিল্পক জীয়াই ৰাখিবলৈ এদল কিশোৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা ...

এতিয়া অসহায় হৈ পৰিছে বৃদ্ধা বিমলা বৰা । অৱশ হৈ পৰিছে অকলশৰীয়া বৃদ্ধ আইতা গৰাকী ৷ পৰিচৰ্যা কৰিবলৈ দুৰ্ভগীয়া আইতা গৰাকীৰ কাষত নাই কোনো আত্মীয় । জানিব পৰা মতে, ওচৰ-চুবুৰীয়াই সাধ্যানুযায়ী কিছু খাদ্যৰ যোগান ধৰে যদিও এক অবৰ্ণনীয় জীৱন কটাইছে এইগৰাকী আইতাই ।

একমাত্ৰ পুত্ৰৰ সন্ধান উলিয়াবলৈ সকলোকে কাতৰ আহ্বান জনাইছে পুত্ৰক চাবলৈ ব্যাকুল হৈ পৰা এইগৰাকী বৃদ্ধা মাতৃয়ে । পিছে সুদীৰ্ঘ দিন নিখোজ হৈ থকা পুত্ৰৰ সন্ধান পাবলৈ সক্ষম হ’বনে অসহায় মাতৃয়ে ? এতিয়াও জীয়াই আছেনে তেওৰ একমাত্ৰ পুত্ৰ সন্তানটি ? এনে বহু প্ৰশ্নৰ উত্তৰ কোনে দিব চন্দ্ৰ প্ৰকাশৰ দুৰ্ভগীয়া এইগৰাকী মাতৃক ?

লগতে পঢ়ক: ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে উৎপাদন কৰিব 'Green tea'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.