ETV Bharat / state

Drought in Titabar : খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি তিতাবৰত ৰাইজে পাতিলে ভেকুলী বিয়া - ৰাইজে পাতিলে ভেকুলী বিয়া

খৰাং বতৰৰ বাবে তিতাবৰৰ একাংশ কৃষকে খেতি পথাৰত পাৰিব পৰা নাই কঠিয়া (Severe drought in Titabar)। উপায়হীন হৈ সোমবাৰে তিতাবৰ বালিজানৰ কেইবাখনো গাঁৱৰ ৰাইজে বৰুণদেৱতাক সন্তুষ্ট কৰিবলৈ আয়োজন কৰিলে ভেকুলী বিয়া ।

frog wedding held in titabar
খৰাং বতৰৰ পৰা পৰিত্ৰাণ পাবলৈ তিতাবৰৰ বালিজানত ৰাইজে পাতিলে ভেকুলী বিয়া
author img

By

Published : Jul 18, 2022, 1:11 PM IST

তিতাবৰ, ১৮ জুলাই: এতিয়া ভৰল বাৰিষা ৷ কিন্তু খৰাঙৰ ফলত এই শাওণমহীয়াও পথাৰত চিৰাল ফাঁট মেলাত মূৰে কঁপালে হাত দিছে তিতাবৰৰ কৃষক ৰাইজে (Severe drought in Titabar) । উপায়হীন হৈ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ আয়োজন কৰিছে ভেকুলী বিয়াৰ । তিতাবৰৰ বালিজানৰ কেইবাখনো গাঁৱৰ ৰাইজে মাংগলিক প্ৰথাৰে পাতিলে ভেকুলী বিয়া (Traditional frog wedding in Titabar) । বিয়া নাম, আয়তীৰ উৰুলিয়ে উদুলি-মুদুলি হৈ পৰিল বিয়াঘৰ । নচাই নাচিছে, পানী তোলাই পানী তুলিছে ৷ বিয়া বুলি উবুৰি খাই পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰী ।

তিতাবৰত খৰাং বতৰৰ বাবে প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে ৰোপণ কৰিব পৰা নাই নিজৰ খেতি দৰা । সেউজীয়া পথাৰৰ সপোন দেখা কৃষকৰ পথাৰত দেখা গৈছে চিৰাল ফাঁট । ৰাজ্যত এফালে বানে সৰ্বহাৰা কৰিছে কৃষক ৰাইজক আনফালে খৰাং বতৰৰ ফলত নিজৰ খেতি দৰা ৰুব পৰা নাই তিতাবৰৰ বেকাজান, বালিজান, গোহাঁই গাঁও, গড়াজান বৰহোলাৰ পানীখেতি কলাপানী ৰজাবাৰী ধৰি প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে ।

খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি তিতাবৰত ৰাইজে পাতিলে ভেকুলী বিয়া

তিতাবৰ মহকুমা প্ৰশাসন নাইবা কৃষি বিভাগে এই সকল কৃষকৰ সমস্যাৰ বুজ লবলৈ অলপো যত্ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে । পুৱা-আবেলি নিজৰ খেতি দৰালৈ চাই মূৰে-কপালে হাত দিছে কৃষক সকলে ।

বছৰটো কেনেদৰে নিজৰ পৰিয়ালক ভৰণ পোষণ দিব তাকে লৈ চিন্তিত হৈ পৰিছে এই সকল কৃষক । এক লোকবিশ্বাস মতে ভেকুলী বিয়া পাতিলে বৰষুণ হয় সেই লোক বিশ্বাসক অনুসৰণ কৰি বালিজানত গাঁৱৰ ৰাইজে ভেকুলী বিয়া পাতি নেদেখা জনৰ ওচৰত বৰষুণ বাবে প্ৰাৰ্থনা জনায় । কাৰণ এইসকল কৃষক পৰিয়ালৰ এতিয়া শেষ ভৰসা একমাত্ৰ ঈশ্বৰ ।

লগতে পঢক: Public protest at Kalgachia: নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত উত্তাল কলগাছিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.