ETV Bharat / state

যোৰহাটত তৃতীয় দিনাও অব্যাহত সম্পূৰ্ণ লক ডাউন

যোৰহাটত ক’ভিড আইন ভংগকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জিলা প্ৰশাসন ৷ যোৰহাট আৰক্ষীয়ে লক ডাউনৰ সময়ছোৱাত ক’ডিভ বিধি (Covid Protocal)ভংগ কৰা লোকৰ পৰা ১,৫৭,০০০ টকা জৰিমনা সংগ্ৰহ কৰে ৷ আনহাতে আবকাৰী আৰু আৰক্ষী যুটীয়া প্ৰচেষ্টাত ধ্বংস কৰা হয় ২২,৯৩১ লিটাৰ অবৈধ দেশীয় চুলাই ৷

যোৰহাটত তৃতীয় দিনাও অব্যাহত আছে সম্পূৰ্ণ লকডাউন

author img

By

Published : Jul 14, 2021, 2:23 PM IST

যোৰহাট, 14 জুলাই : ৰাজ্য চৰকাৰে ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি ৷ মূলতঃ ৰাজ্যৰ 7 খনকৈ জিলাত ক'ভিডে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ যোৰহাট জিলাতো ক’ভিড সংক্ৰমণ ভয়াবহভাবে বৃদ্ধি পোৱাৰ ফলত সম্পূৰ্ণ লক ডাউন (Lockdown) পুনৰ দুটা দিনৰ বাবে বৃদ্ধি কৰা হয় ।

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত আৰু দুদিনৰ বাবে লক ডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ যোৰহাটত লক ডাউনৰ সময়চোৱাত কেৱল মাত্ৰ দুগ্ধজাত সামগ্ৰী আৰু ফাৰ্মাচীহে খোলা থাকিব বুলি সদৰী কৰিছে জিলা প্ৰশাসনে ৷ আনহাতে, গেলামাল আৰু ফল-মূলৰ দোকান কেৱল বুধবাৰ আৰু শুকুৰবাৰেহে খোলা থাকিব বুলি প্ৰশাসনে এক নিৰ্দেশনা জৰিয়তে জানিবলৈ দিয়ে ৷

যোৰহাটত তৃতীয় দিনাও অব্যাহত আছে সম্পূৰ্ণ লকডাউন

আনহাতে বিগত ৪৮ ঘণ্টাত ক’ভিড প্ৰট’কল (Covid Protocal)ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন । ইতিমধ্যে জিলা আৰক্ষীয়ে ৪৫ খন দুচকীয়া বাহন আৰু ৯ খনকৈ চাৰিচকীয়া বাহন জব্দ কৰিছে । ইয়াৰ বিপৰীতে ৩৪ জন লোকক আটক কৰি জৰিমনা বিহা হৈছে ।

ইয়াৰ লগতে বিগত দুটা দিনত ক’ডিভ বিধি (Covid Protocal)ভংগ কৰা লোকৰ পৰা আৰক্ষীয়ে সৰ্বমুঠ ১,৫৭,০০০ টকা জৰিমনা সংগ্ৰহ কৰিছে । ইয়াৰোপৰি আবকাৰী আৰু আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত ২২,৯৩১ লিটাৰ অবৈধ দেশীয় চুলাই ধ্বংস কৰা হৈছে । জিলাখনত ক’ভিড (Covid 19)আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস নাপালে পুনৰ বৃদ্ধি পাব পাৰে লক ডাউন (Lockdown)।

লগতে পঢ়ক : ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.