ETV Bharat / state

তিতাবৰত আছুৰ বাইক ৰেলী

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত জাতিধংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিতাবৰ আছুৰ বাইক ৰেলী ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই তিতাবৰৰ প্ৰতিটো অঞ্চলত প্ৰায় তিনি শতাধিক আছু কৰ্মীৰ জৰিয়তে বাইক ৰেলীৰ আয়োজন কৰে ৷

'কা'ৰ বিৰুদ্ধে তিতাবৰ আছুৰ বাইক ৰেলী
'কা'ৰ বিৰুদ্ধে তিতাবৰ আছুৰ বাইক ৰেলী
author img

By

Published : Mar 20, 2021, 7:43 PM IST

তিতাবৰ,20 মাৰ্চ: নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত জাতিধংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিতাবৰ আছুৰ বাইক ৰেলী ৷ আছুৰ আহ্বানত শনিবাৰে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিটো অঞ্চলত প্ৰায় তিনি শতাধিক আছু কৰ্মীৰ জৰিয়তে বাইক ৰেলীৰে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

'কা'ৰ বিৰুদ্ধে তিতাবৰ আছুৰ বাইক ৰেলী
'কা'ৰ বিৰুদ্ধে তিতাবৰ আছুৰ বাইক ৰেলী

অসমীয়া জাতিৰ ভাষা, সংস্কৃতি সকলো নিঃশেষ কৰা নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত লাখ লাখ হিন্দু বাংলাদেশী বিদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি সমালোচনা কৰে আছু নেতা দিগন্ত বৰাই ৷ তেওঁ কয় যে, কোনো কাৰণত এই নাগৰিকত্ব সংশোধনী বিল মানি লোৱা নহ'ব ৷ লগতে অসমীয়া ৰাইজক বিজেপি দলটোক পুলি-পোখাই উঘালি দিবলৈ আহ্বান জনায় ৷

আছু কৰ্মীসকলে 'কা' আমি নামানো, বিজেপি চৰকাৰ গ' বেক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি চৰকাৰ বিৰোধী শ্ল’গান দি উত্তাল কৰি তোলে তিতাবৰৰ ৰাজপথ ৷

লগতে পঢ়ক: নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ডিগবৈত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.