তিতাবৰ , 21 মে': যোৰহাট জিলাৰ তিতাবৰস্থিত এটা তেল ডিপুৰ পৰা বৰহোলা আৰক্ষীয়ে এজন যুৱকক ডকাইটিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ তেল ডিপুটোৰ মেনেজাৰ জনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰে ৷
আটকাধীন যুৱকজন সুজিত সন্দিকৈ বুলি জানিব পৰা গৈছে ৷ বৰহোলা তেল ডিপুটোৰ মেনেজাৰ জনৰ অভিযোগ অনুসৰি 18 মে' তাৰিখে সুজিতে বৰহোলা পেট্ৰল ডিপুৰ পৰা এক লাখ টকা দাবী কৰি লৈ যায় ৷ ইয়াৰ পাচতো পুনৰ 19 মে' তাৰিখে সুজিত , পেট্ৰল ডিপুটোলৈ আহি মেনেজাৰ জনক প্ৰতি মাহে 50000 হাজাৰ টকা দিবলৈ কয় ৷ আৰু যদি মেনেজাৰ জনে দাবী কৰা ধন আদায় নিদিয়ে তেনেহ'লে বিভিন্ন দল সংগঠন মাতি তেল ডিপুটোত ভেজাল তেল দিয়ে বুলি বদনাম কৰাৰ ভাবুকী দিয়ে সুজিতে৷ ইয়াৰ পাচতে তেল ডিপুটোৰ মেনেজাৰ জনৰ অভিযোগৰ ভিত্তিত বৰহোলা আৰক্ষীয়ে সুজিতক গ্ৰেপ্তাৰ কৰে ৷ লগতে 47/19 নম্বৰত এক গোচৰ ৰুজু কৰি IPC 447/419/384/506 ধাৰাত সুজিতক জেললৈ প্ৰেৰণ কৰে ৷