যোৰহাট, 22 মাৰ্চ: যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰত শুকুৰবাৰে পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হয় এটা ঘৰ আৰু পাঁচ লাখ টকা সা সম্পত্তি ৷ ৰুণু কপহুৱা আৰু অনামিকা কপহুৱাৰ বাসগৃহ জ্বলি যায় এই অগ্নিকাণ্ডত ৷
এই নিথৰুৱা মহিলা দুই গৰাকীক কোনো সদাশয় ব্যক্তি সহায় হাতত আগবঢ়াবলৈ অনুৰোধ জনাইছে etv ভাৰতৰ জৰিয়তে ।