ETV Bharat / state

যোৰহাটত ধুমুহাৰ তাণ্ডৱ

প্ৰৱল ধুমুহাই ধ্বংস কৰিলে 400 ৰো অধিক বাসগৃহ

author img

By

Published : Apr 27, 2019, 1:51 PM IST

যোৰহাটত ধুমুহাৰ তাণ্ডৱ

যোৰহাট,27 এপ্ৰিলঃ যোৰহাটত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ । 26 এপ্ৰিলৰ সন্ধিয়া অহা এজাক প্ৰবল ধুমুহাই যোৰহাটৰ বিভিন্ন অঞ্চলত চলালে ধ্বংসলীলা । ধূলিৰ ধুমুহাত স্তব্ধ হৈ পৰিল জন-জীৱন । আধা ঘন্টা যোৰা ধুমুহাৰ অন্তত অঞ্চলজুৰি ওৰে নিশা ব্যাহত হৈ থাকিল বিদ্যুৎ যোগান । পুৱাৰ ভাগত ইটিভি ভাৰতৰ সাংবাদিকৰ হাতত পৰিল ধুমুহাৰ আচল ছবি । ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি যোৰহাটত চিনামৰা চাহ বাগিচাৰ অন্তৰ্গত মুৰমূৰীয়া বাগিচাৰ শ্ৰমিকৰ প্ৰায় চাৰিশৰো অধিক গৃহ উৰুৱাই নিলে বিধ্বংসী ধুমুহা জাকে । সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় প্ৰায় অৰ্ধ শতাধিক বাসগৃহ । যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে চাহ বাগিছাৰ চাৰিশৰো অধিক সাধাৰণ শ্ৰমিক ।

যোৰহাটত ধুমুহাৰ তাণ্ডৱ

ইতিমধ্যে,চিনামৰা চাহ বাগিচাৰ পৰিচালক স্বৰূপ ডেকাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত কৰাৰ লগতে সকলো ক্ষতিগ্ৰস্ত শ্ৰমিকৰ সম্পৰ্কে স্থানীয় বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক অৱগত কৰা বুলি জানিবলৈ দিছে ।

যোৰহাটত ধুমুহাৰ তাণ্দৱৰ আচল ছৱী।।৪০০ৰো অধিক গৃহ ধ্বংস।।

২৬ এপ্ৰিলৰ সন্ধিয়া হঠাতে অহা এজাক প্ৰবল ধুমুহাই যোৰহাটৰ বিভিন্ন অঞ্চলত তাণ্দবৰ সৃষ্টি কৰিছিল।আনহাতে যোৰহাট চহৰত সৃষ্টি কৰিছিল ধুলীৰ ধুমুহাৰ।যাৰ ফলত জন জীৱন স্তব্ধ হৈ পৰিছিল।প্ৰায় আধা ঘন্টা যোৰা ধুমুহাই শাম কাটিছিল যদিও ওৰে নিশা বিদ্যুৎ যোগান ব্যাহত হৈ আছিল।কিন্তু পূৱাৰ ভাগত ETV BHARAT হাতত পৰিল আচল ছৱী।। Ground zero report মতে যোৰহাটৰ চিনামৰা চাহ-বাগিচাৰ অন্তৰ্গত মুৰমূৰীয়া বাগিচাৰ শ্ৰমিকৰ প্ৰায় চাৰিশ ও অধিক গৃহ ধুমুহাই দি থৈ যোৱা ধ্বংসলীলাৰ ছৱী খনে দাঙি ধৰিলে কি ক্ষতিগ্ৰস্ত কৰিলে জনতাক।কিছু কিছু শ্ৰমিকৰ ঘৰৰ টিন-পাত,ঘৰৰ বেৰা, উৰুৱাই লৈ যায়।আনকি অৰ্ধশতাধীক গৃহ।সম্পূৰ্ণ ৰুপে ধ্বংস প্ৰাপ্ত হয়।উল্লেখযোগ্য যে পূৰ্ৱতে চৰকাৰী চাহ-বাগিচাৰ শ্ৰমিকৰ গৃহ সমুহ নিৰ্মাণ কৰি দিছিল।কিন্তু বৰ্তমানৰ সময়ত দৈনিক ১৩৫ চাহ-বাগিচাৰ হাজীৰাৰে পৰিয়ালৰ লগতে গৃহ ও নিৰ্মাণ কৰিব লগিয়া হয়।যাৰফলত এতিয়া দিশহাৰা হৈ পৰিছে মুৰমূৰীয়া চাহ বাগিচাৰ চাৰিশ ৰো অধীক শ্ৰমিক‌।ইতিমধ্যে চিনামৰা চাহ বাগিচাৰ পৰিচালক স্বৰূপ ডেকাই ঘটনাস্হলীত উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত লগতে সকলো স্ততিগষ্ঠ শ্ৰমিকৰ হৃদয়ৰ বিদাৰক ঘটনা সম্পৰ্কত স্হানীয় বিধায়ট তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক অবগত কৰাৰ বুলি জানিব দিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.