ETV Bharat / state

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি কৰ্মচাৰীক বৰ্খাস্ত

আছুুৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত বৰ্খাস্ত হ'ল যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনিগৰাকী কৰ্মচাৰী ৷ বক্ৰ পথ অৱলম্বন কৰি প্ৰতিষ্ঠান খনত নিযুক্তি লাভ কৰিছিল এই কৰ্মচাৰী কেইগৰাকীয়ে ৷ ঘটনাৰ পাছতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷

author img

By

Published : Jun 28, 2021, 7:47 PM IST

three-employees-of-jorhat-institute-of-science-and-technology-sacked
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনিগৰাকী কৰ্মচাৰীক বৰ্খাস্ত

যোৰহাট, 28 জুন : বক্ৰ পথৰে চৰকাৰী নিযুক্তি লাভ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্টত কৰ্মৰত তিনিগৰাকী কৰ্মচাৰী ৷ এক উচ্চ পৰ্যায়ৰ তদন্তৰ অন্তত কৰ্মচাৰী কেইগৰাকীৰ নিযুক্তিত ব্যাপক কেলেংকাৰী ধৰা পৰাৰ পাছতে কৰ্মচাৰী কেই গৰাকীক বৰ্খাস্ত কৰিছে অসম কাৰিকৰী শিক্ষা সঞ্চালকে ৷ বৰ্খাস্ত কৰা কৰ্মচাৰী কেইগৰাকী হ'ল ক্ৰমে প্ৰতিষ্ঠান খনৰ সহযোগী অধ্যাপক ডঃ চন্দ্ৰ চুতীয়াৰ পত্নী অজন্তা দত্ত, প্ৰতিষ্ঠান খনত ঠিকা কৰ্মত নিয়োজিত অমল চন্দ্ৰ বৰাৰ জীয়ৰী বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰ ৷ অতি লক্ষ্যণীয়ভাৱে আছুৰ দীৰ্ঘদিনীয়া দাবীক সঁহাৰি জনাই চৰকাৰে আগবঢ়োৱাৰ তদন্তৰ পাছতে পোহৰলৈ আহে কৰ্মচাৰী কেই গৰাকীৰ নিযুক্তিৰ কেলেংকাৰীৰ সমগ্ৰ ঘটনা ৷

উল্লেখ্য যে, অসমৰ অগ্ৰণী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান টীয়কৰ চটাইস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্টত কেইগৰাকী মান কৰ্মচাৰীয়ে বক্ৰ পথৰে নিযুক্তি লাভ কৰা বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন কৰি আহিছিল আছুৱে ৷ প্ৰায় পাঁচ বছৰৰ পূৰ্বে অনিয়ম সংঘটিত কৰি প্ৰদান কৰা এই নিযুক্তিৰ বিৰুদ্ধে কাকজান আঞ্চলিক ছাত্ৰ সন্থাই এক তদন্তৰ দাবী জনাই আহিছিল যদিও কাৰিকৰী প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই এই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ অৱশেষত ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টো সন্দৰ্ভত জিলা উপায়ুক্ত, কাৰিকৰী সঞ্চালক, বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেইসময়ৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷

ঘটনা সন্দৰ্ভত আছু কৰ্মীৰ প্ৰতিক্ৰিয়া

উক্ত স্মাৰক পত্ৰৰ ভিত্তিত কাৰিকৰী সঞ্চালকালয়ে কৰা তদন্তত ধৰা পৰে নিযুক্তিত সংঘটিত হোৱা সমগ্ৰ অনিয়ম ৷ যাৰ বাবে কাৰিকৰী সঞ্চালকৰ কাৰ্যালয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তিনিও গৰাকী কৰ্মচাৰীকে বখাস্ত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ৷ সঞ্চালকালয়ৰ এই সিদ্ধান্তক আছু তথা স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে সততে বিতৰ্ক সৃষ্টি হোৱা প্ৰতিষ্ঠান খনৰ বিভিন্ন দিশত তদন্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

উল্লেখনীয় যে, বিভিন্ন বিভাগৰ লগতে 2016 বৰ্ষত অসম লোকসেৱা আয়োগ(APSC)ৰ পৰীক্ষাত বক্ৰ পথ অৱলম্বন কৰি চাকৰি লোৱা বিষয়া সকলৰ বিৰুদ্ধে শেহতীয়াকৈ পুনৰ সৰৱ হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খোৱা বহু বিষয়াৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়কঃ অহা বৰ্ষত আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় পাঠ্যক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.