যোৰহাট, 11 এপ্ৰিল: মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তথা অসমীয়া জাতীয় সত্বাৰ উত্তৰণৰ ক্ষেত্ৰত উৎসৰ্গিত অসম জাতীয় বিদ্যালয়ৰ জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট, শিৱসাগৰ, মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত ৫ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত বিশাল আয়োজনেৰে অনুষ্ঠিত হ'ব জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ (Jatiya Vidyalaya Samaroh 2023 to be held in Jorhat) ৷
ইতিমধ্যে এই সমাৰোহ অনুষ্ঠিত কৰাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ৷ এই ৰাজ্যিক সমাৰোহত ৰাজ্যৰ ২৫ খন জিলাৰ ছয় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকিব ৷ ইয়াৰ বাবে চ্যুকাফা ক্ষেত্ৰত শিবিৰ নিৰ্মাণ কৰি থকা হৈছে ৷ সমাৰোহৰ বাবে ইতিমধ্যেই ২৮ খন উপ সমিতি গঠন কৰি সমাৰোহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে (Jatiya Vidyalaya Samaroh 2023) ৷
আজি যোৰহাট প্ৰেছ ক্লাৱত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত আয়োজিত এক সংবাদমেলত এই বিষয়ে উল্লেখ কৰে সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই ৷ আনহাতে আজিৰ সংবাদমেলত ডাঃ শৰ্মাই সমাৰোহৰ তিনিদিনৰ কাৰ্যসূচী সন্দৰ্ভত উল্লেখ কৰি কয় যে, সমাৰোহৰ প্ৰথম দিনা ৫ মে' তাৰিখে পুৱা প্ৰতিনিধি শিবিৰ উদ্বোধন কৰিব যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তই ৷ ইয়াৰ পিছত বিয়লি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ ৬ মে' তাৰিখে পুৱা প্ৰত্যেক জাতীয় বিদ্যালয়ৰ নিজস্ব পতাকা উত্তোলন কৰা হ’ব ৷ প্ৰায় সহস্ৰাধিক পতাকা একেলগে উত্তোলন কৰা হ'ব বুলি উল্লেখ কৰে সচিব গৰাকীয়ে (Jatiya Vidyalaya Samaroh in Jorhat) ৷
ইয়াৰ পাচতে অনুষ্ঠিত হ'ব শৈক্ষিক সভা ৷ এই সভাত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব ৷ এই শৈক্ষিক সভাত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্ত, চ্যুকাফা ক্ষেত্ৰৰ উপ সভাপতি ড৹ দয়ানন্দ বৰগোহাঞি, বিশিষ্ট বিজ্ঞানী ড৹ দীনেশ চন্দ্ৰ গোস্বামীৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ আনহাতে, সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই ৷
সমাৰোহৰ অন্তিম দিনা অৰ্থাৎ ৭ মে' তাৰিখে পুৱা উলিওৱা হ'ব এক বিশেষ সাংস্কৃতিক শোভাযাত্ৰা ৷ এই শোভাযাত্ৰাত প্ৰতিফলিত হ'ব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি ৷ সাংস্কৃতিক শোভাযাত্ৰাত ২৫ খন জিলা জাতীয় বিদ্যালয় সমিতিৰ নেতৃত্বত শিক্ষাৰ্থী, শিক্ষকৰ দল সমূহে জাতীয় জীৱনৰ সামগ্ৰিক উপাদান সমুহ উপস্থাপন কৰিব ৷
ইয়াৰ পাছতে বিয়লি অনুষ্ঠিত হ'ব মুকলি সভাৰ ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে উপস্থিত থাকিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগু ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে বহু বিশিষ্ট ব্যক্তি ৷
সংবাদমেলত ডাঃ শৰ্মাই লগতে উল্লেখ কৰে যে, এই বৃহৎ সমাৰোহৰ বাবে কোনো ব্যক্তিৰ পৰা দান বৰঙণি সংগ্ৰহ কৰা হোৱা নাই ৷ কেৱল জাতীয় বিদ্যালয় পৰিয়ালৰ অৰ্থ সাহাৰ্যৰ জৰিয়তে এই সমাৰোহ আয়োজন কৰা হ'ব ৷ এই সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী সকলে একত্ৰিত হ'ব আৰু ই সকলোকে ইজনে সিজনক চিনাকি হোৱাৰ এক পৰিবেশ প্ৰদান কৰাৰ লগতে এক আত্মিক পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰিব ৷
আজিৰ সংবাদমেলত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত বৰা, সম্পাদক সৌৰভ বৰা, অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সমন্বয়ক অসীম কৃষ্ণ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷
লগতে পঢ়ক: Arsenic Removal Capsule : কলিয়াবৰৰ অধ্যাপকে উদ্ভাৱন কৰিলে আৰ্ছেনিক মুক্তকৰণৰ কেপছুল