ETV Bharat / state

উপ-নিৰ্বাচন : মৰিয়নীত মনোনয়ন দাখিল কৰিব তিনি প্ৰাৰ্থীয়ে

author img

By

Published : Oct 8, 2021, 11:04 AM IST

মৰিয়নী বিধানসভা সমষ্টি(Mariani Constituency)ৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে শুকুৰবাৰে মনোনয়ন(Nomination) পত্ৰ দাখিল কৰিব সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়োৱা তিনিগৰাকী প্ৰাৰ্থীয়ে । বিজেপিৰ ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi), কংগ্ৰেছৰ লোহিত কোঁৱৰ(Lohit Konwar) আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈ(Sanjib Gogoi)য়ে দাখিল কৰিব এই মনোনয়ন পত্ৰ ৷

three-candidates-to-be-filled-nomination-for-by-election-at-mariani
মৰিয়নীত মনোনয়ন দাখিল কৰিব তিনি প্ৰাৰ্থীয়ে

তিতাবৰ, 8 অক্টোবৰ : মৰিয়নী বিধানসভা সমষ্টি(Mariani Constituency)ত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন(By Election)ৰ বাবে শুকুৰবাৰে মনোনয়ন(Nomination) পত্ৰ দাখিল কৰিব সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়োৱা তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে ৷ বিজেপি দলৰ পৰা ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi), কংগ্ৰেছৰ পৰা লোহিত কোঁৱৰ(Lohit Konwar) আৰু ৰাইজৰ দলৰ পৰা সঞ্জীৱ গগৈ(Sanjib Gogoi)য়ে দাখিল কৰিব মনোনয়ন পত্ৰ ৷

নিজ নিজ সমৰ্থকৰ সৈতে দুপৰীয়া ভাগত তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাৰ্থী তিনিগৰাকীয়ে ৷ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক সংগ দিবলৈ তিতাবৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷

জানিব পৰা মতে, দুপৰীয়া 12.30 বজাত অস্থায়ী হেলিপেডযোগে মৰিয়নীত অৱতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । অৱশ্যে ক’ভিড(Covid) পৰিস্থিতিৰ বাবে মনোনয়ন দাখিলৰ সময়ত বাহিৰ কৰা নহয় কোনো সমদল । ইফালে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিব বিধায়ক অখিল গগৈ(Akhil Gogoi)য়ে ।

ঠিক সেইদৰে, কংগ্ৰেছ দলৰ প্ৰাৰ্থী লোহিত কোঁৱৰৰ মনোনয়নৰ সময়তো একাংশ শীৰ্ষ কংগ্ৰেছ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

আগন্তুক 30 অক্টোবৰত অসমৰ পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । যাৰ বাবে সমষ্টিকেইটাত চলিছে ব্যাপক নিৰ্বাচনী তৎপৰতা । শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন ৷

30 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত 2 নৱেম্বৰত হ’ব ভোটগণনা ।পাঁচটা সমষ্টি ক্ৰমে 28 নং গোঁসাইগাঁও সমষ্টি, 41 নং ভৱানীপুৰ সমষ্টি, 58 নং তামুলপুৰ সমষ্টি, 101 নং মৰিয়নী সমষ্টি আৰু 107 নং থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন ৷

লগতে পঢ়ক : By election : কোন কোন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.